অসম

assam

ETV Bharat / state

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পুৰান কাৰিপাৰা আৰু মিৰ্জা বজাৰত বৃহস্পতিবাৰে আবকাৰী বিভাগে অভিযান চলাই প্ৰায় ১০ টা চুলাই মদৰ ঘাটি উৎখাত কৰে। অভিযানৰ সময়ত আৱকাৰী বিভাগে প্ৰায় ৫০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে ২৫০ লিটাৰৰো অধিক চুলাই নষ্ট কৰে

By

Published : Apr 4, 2019, 7:16 PM IST

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

পলাশবাৰী, ৪ এপ্ৰিলঃআবকাৰীৰ সহ পৰীক্ষক সতীশ বৰ্মনৰ নেতৃত্বত মিৰ্জা, ছয়গাঁও, আৰু বকো আবকাৰী চক্ৰই পলাশবাৰী আৰক্ষী থানাৰ সহযোগত চুলাইৰ ঘাটিত অভিযান চলায়। অভিযানকাৰী দলটোৱে চুলাইৰ লগতে চুলাই মদত প্ৰস্তুত কৰা বাচন-বৰ্তন, সামগ্ৰী নষ্ট কৰাত একাংশ লোকৰ সৈতে বাক-বিতণ্ডাৰো সৃষ্টি হয়।

দক্ষিণ কামৰূপত চুলাই বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ বৃহৎ অভিযান

উল্লেখ্য যে পুৰান কাৰিপাৰাৰ লগতে মিৰ্জা বজাৰ নিচেই কাষতে তিনি-চাৰিখন চৰকাৰী বিদ্যালয়ৰ লগতে মহাবিদ্যালয় অৱস্থিত। চুলাই ঘাটিকেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত শৈক্ষিক পৰিৱেশৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আবকাৰী বিভাগে পলাশবাৰী আৰক্ষী চকীৰ সহযোগত অভিযান চলাই চুলাই মদৰ ঘাটি কেইটা উৎখাত কৰে।

ABOUT THE AUTHOR

...view details