অসম

assam

ETV Bharat / state

ৰাজ্যত নতুন আঞ্চলিক দলৰ আত্মপ্ৰকাশ

বৰ্তমানৰ আঞ্চলিকতাবাদী দলৰ উদ্দেশ্য আৰু কাৰ্যপন্থাই জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিৰূপ প্ৰভাৱৰ বাবেই এনে এটা নতুন দল জন্ম দিয়াৰ কথা ঘোষণা কৰে দলটোৰ আহ্বায়ক সকলে ৷ এই অধিৱেশনতে দলটোৰ নাম,ইস্তাহাৰ,চিহ্ন আদি নিৰ্ধাৰণৰ বাবে বহুকেইখন সমিতি গঠন কৰে ৷

ETV BHARAT

By

Published : May 19, 2019, 6:22 PM IST

গুৱাহাটী , 19 মে' : দেওবাৰে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিত সংযোজন ঘটিল এটা নতুন দলৰ ৷ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ উদ্যোগত প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয় মহানগৰীৰ বিবেকানন্দ কেন্দ্ৰত ৷

সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন, উগ্ৰ জাতীয়তাবাদৰ বিৰোধিতা, নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দিয়াকে আদি কৰি বহুকেইটা গুৰুত্বপূৰ্ণ উদ্দেশ্য, আদৰ্শ আৰু কৰ্মপন্থা আগত ৰাখি গঠন কৰিছে নতুন দলটি ৷ বিশেষকৈ বৰ্তমানৰ আঞ্চলিকতাবাদী দলৰ উদ্দেশ্য আৰু কাৰ্যপন্থাই জনসাধাৰণৰ মাজত সৃষ্টি কৰা বিৰূপ প্ৰভাৱৰ বাবেই এনে এটা নতুন দল জন্ম দিয়াৰ কথা ঘোষণা কৰে দলটোৰ আহ্বায়ক সকলে ৷ এই অধিৱেশনতে দলটোৰ নাম,ইস্তাহাৰ,চিহ্ন আদি নিৰ্ধাৰণৰ বাবে বহুকেইখন সমিতি গঠন কৰে ৷ সেই অনুসৰি ছমাহৰ ভিতৰত শিৱসাগৰত অনুষ্ঠিত হ'ব লগা জাতীয় ৰাজনৈতিক অভিৱৰ্তনত দলটোৰ নাম আৰু সকলো কাৰ্যপন্থাৰ কথা ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে ৷

আত্মপ্ৰকাশ এক নতুন আঞ্চলিক দলৰ

অসমৰ সকলো ঠাইৰ পৰা বহু প্ৰতিনিধিয়ে অংশ লোৱা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱাই নতুন প্ৰজন্মৰ আস্থা থাকিব পৰাকৈ দলটোৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে ৷

বৰ্তমান সময়ত অগপ দলে জাতীয়তাবাদ ধৰি ৰখাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰি থলুৱা জাতি-জনগোষ্ঠীৰ স্বাভিমান ধৰি ৰাখিবলৈ ব্যৰ্থ হোৱাৰ বাবেই নতুন দলটো গঠন কৰিবলৈ বাধ্য হ'ল বুলি মন্তব্য কৰে উপস্থিত লোক সকলে ৷ দেওবাৰে অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা,নেকিবুৰ জামান,পুলক বেনাৰ্জী,মুছলিম যুৱ পৰিষদৰ সভাপতি দাদুল আলীকে প্ৰমুখ্য কৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বায়ক অৰূপ বৰবৰা আৰু সমন্বয়ৰক্ষী লাচিত বৰদলৈ ৷

ABOUT THE AUTHOR

...view details