গুৱাহাটী,6 এপ্ৰিল: আজি গুৱাহাটীৰ ছেইণ্ট এণ্টনী কলেজত এনডিআৰএফ বাহিনীয়ে আয়োজন কৰে এক মকড্ৰীল কাৰ্যসূচী৷ গুৱাহাটীৰ ইষ্ট জয়ন্তীয়া হিলস্থিত ছেইণ্ট এণ্টনী কলেজত জৰুৰীকালীন সেৱাৰ সন্দৰ্ভত এনডিআৰএফ বাহিনীয়ে আয়োজন কৰে এই মোকড্ৰীল কাৰ্যসূচী৷
জৰুৰীকালীন সেৱাৰ সন্দৰ্ভত ছেইন্ট এন্টনী কলেজত এন ডি আৰ এফৰ মক ড্ৰীল
আজি গুৱাহাটীৰ ইষ্ট জয়ন্তীয়া হিলস্থিত ছেইণ্ট এণ্টনী কলেজত জৰুৰীকালীন সেৱাৰ সন্দৰ্ভত এনডিআৰএফ বাহিনীয়ে আয়োজন কৰে এই মোকড্ৰীল কাৰ্যসূচী৷
এই মোকড্ৰীল অনুষ্ঠানত এনডিআৰএফ ৰ উদ্ধাৰকাৰী দলে বিভিন্ন প্ৰকাৰৰ উদ্ধাৰৰ কৌশলসমূহ প্ৰদৰ্শন কৰে৷ কিদৰে উদ্ধাৰ কাৰ্যত ৰছীৰ প্ৰয়োগ কৰিব লাগে, ওখ অট্টালিকাত কিদৰে উদ্ধাৰ কাৰ্য চলাব পাৰি, জৰুৰীকালীন পৰিস্থিতিত আহত লোকসকলক কিদৰে উদ্ধাৰ কৰি চিকিৎসা প্ৰদান তথা হাস্পতাললৈ প্ৰেৰণ কৰিব লাগে এই সকলো সম্বন্ধে এনডিআৰএফ বাহিনীয়ে প্ৰশিক্ষণ প্ৰদান কৰে এই মোকড্ৰীল কাৰ্য্যসূচীত৷ এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত উদ্ধাৰ কৌশলসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰি, যাতে বাস্তৱ পৰিস্থিতিত ক্ষীপ্ৰ গতিত সেৱা আগবঢ়াব পৰা যায়৷
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভূইকঁপ প্ৰবল অঞ্চল তথা ছেছমিক জ'ন -5 ৰ ভিতৰত পৰে৷ সেয়েহে যি কোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যাতে সক্ৰিয়ভাৱে উদ্ধাৰ কাৰ্য্য চলাব পৰা যায় তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমাজত এনে ড্ৰীল কাৰ্যসূচীসমূহ প্ৰয়োজনীয়তা আছে৷ এই মকড্ৰীলত জিলাখনৰ উচ্চ প্ৰশাসনিক বিষয়া, স্বেচ্ছাসেৱী সংগঠন, স্থানীয় নাগৰিকসহ প্ৰায় 600 গৰাকী লোকে অংশগ্ৰহণ কৰে। এই ড্ৰীলত এন ডি আৰ এফৰ ভুমিকাক লৈ জিলা প্ৰশাসনৰ বিষয়া তথা স্থানীয় লোকসকলে ভূয়সী প্ৰশংসা কৰে৷