আজাৰা,28 অক্টোবৰ: দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবল কল্পনা ৰাভাই মঙলবাৰে নিশা আৰক্ষী চকীৰ কাষতে থকা ভাড়া ঘৰত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই আৰক্ষী চকীখনৰ লগতে বিজয়নগৰত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । প্ৰায় এমাহ পুৰ্বে বকো শিলবড়ীৰ নিজ গাঁৱৰে দিনৰঞ্জন ৰাভা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মহিলা কনিষ্টবল গৰাকীয়ে কি কাৰণত আত্মহত্যাৰ পথ বাচি ললে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ।
বিজয়নগৰ আৰক্ষী চকীৰ এগৰাকী মহিলা কনিষ্টবলৰ চিপ লৈ আত্মহত্যা
বিজয়নগৰ আৰক্ষী চকীৰ এগৰাকী মহিলা কনিষ্টবলৰ আত্মহত্যা ৷ আৰক্ষী চকীখনৰ কাষতে থকা ভাড়া ঘৰত চিপ লৈ আত্মহত্যা কৰে মহিলা কনিষ্টবল গৰাকীয়ে ৷
বিজয়নগৰ আৰক্ষী চকীৰ মহিলা কনিষ্টবলৰ চিপ লৈ আত্মহত্যা
বুধবাৰে পুৱা পলাশবাৰী ৰাজহ চক্ৰ বিষয়া গৰাকীৰ উপস্থিতিত বিজয়নগৰ আৰক্ষীয়ে মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।