অসম

assam

অতি শীঘ্ৰেই দিল্লী এইমছৰ আৰ্হিত নিৰ্মাণ হৈ উঠিব চাংসাৰীৰ AIIMS

By

Published : Aug 11, 2021, 6:07 PM IST

ক্ষীপ্ৰ গতিত আৰম্ভ হ’ব চাংসাৰীৰ এইমছৰ কাম-কাজ ৷ ক’ভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুনৰ এইমছৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে ।

health-minister-keahav-mahanta-visit-aiims-changsari-etv-bharat-assam-news
অতি শীঘ্ৰেই দিল্লী এইমছৰ আৰ্হিত নিৰ্মাণ হৈ উঠিব চাংসাৰীৰ AIIMS

চাংসাৰী, 11 আগষ্ট :গুৱাহাটীত নিৰ্মাণ কাৰ্য চলি আছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (All India Institute of Medical Sciences) চমুকৈ এইমছৰ । কেইটামান মাহৰ পিছতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিব এই নতুন হাস্পতালখনৰ । 2019 চনৰ 9 ফেব্ৰুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাংসাৰিত আধাৰশিলা স্থাপন কৰিছিল উত্তৰ-পূৰ্বাঞ্চলত হ'বলগীয়া প্ৰথম খন এইমছৰ (AIIMS) ।

অতি শীঘ্ৰেই ক্ষীপ্ৰ গতিত আৰম্ভ হ’ব চাংসাৰীৰ এইমছৰ কাম-কাজ ৷ ক’ভিডৰ প্ৰকোপৰ মাজতেই ৰাজ্যলৈ আহিছে সুখবৰ। এইমছ নিৰ্মাণস্থলীৰ কাম-কাজৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ অতি শীঘ্ৰে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা এইমছ । অৱশ্যে ক’ভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুনৰ এইমছৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে।

অতি শীঘ্ৰেই দিল্লী এইমছৰ আৰ্হিত নিৰ্মাণ হৈ উঠিব চাংসাৰীৰ AIIMS

ইতিমধ্যে চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃ বিভাগৰ সেৱা, হোষ্টেল, প্ৰশাসনিক বিভাগ, অতিথি শালাৰ বিল্ডিং আদিৰ কাম নাৰ্গাজুনা কনষ্ট্ৰাকচন কোম্পানী চমুকৈ NCC য়ে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

প্ৰায় 720 খন বিছনাযুক্ত বৃহৎ পৰিসৰৰ আই পি ডি যুক্ত এইখন এইমছ দিল্লী এইমছৰ আৰ্হিত নিৰ্মাণ কৰি থকা হৈছে । এতিয়া কেৱল চাংসাৰীৰ 571 বিঘা ভূমিত দিন-ৰাতি একাকাৰ কৰি চলিছে এইমছ্ (AIIMS) ৰ কাম-কাজ । ইপিনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী অহা 17 আগষ্টত নিৰ্মাণৰত এই এইমছস্থলীৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ আহিব বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ।

আনহাতে, 2022ৰ পৰা পৰা চাংসাৰী AIIMS ৰ চিকিৎসা সেৱা আৰম্ভ হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে এইমছৰ চাৰিওফালে 3,300 জোপা গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে । কেৱল এয়াই নহয় হাস্পতাল চৌহদৰ প্ৰায় 30 লাখ বৰ্গ ফুট অঞ্চল সেউজীকৰণ কৰাৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে । হাস্পতালৰ বিভিন্ন জুলীয়া আৰু গোটা আৱৰ্জনা পুনৰ নৱীকৰণ কৰি তাক ব্যৱহাৰৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক:ভাৰতীয় সেনাই আদৰিলে ১৯৭১ চনৰ পাকিস্তানৰ যুদ্ধৰ বিজয় শিখা

ABOUT THE AUTHOR

...view details