অসম

assam

ETV Bharat / state

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

কুলচি বনাঞ্চলত চলিছে বালি মাফিয়াৰ গুণ্ডাৰাজ !

By

Published : May 15, 2019, 11:23 PM IST

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

পলাশবাৰী, 15 মে': ৰাজ্যত অব্যাহত বালি মাফিয়াৰ ৰাজ ৷ এই বালিমাফিয়াৰ বলি খোদ বনৰক্ষী ৷ চোকা অস্ত্ৰৰে বনৰক্ষী অনিল স্বৰ্গীয়াৰীক আক্ৰমণ বালি মাফিয়াৰ ৷ অবৈধভাৱে বালি কঢ়িয়াই অনা ট্ৰাকক বনৰক্ষীয়ে বাধা দিয়াত অতৰ্কিতে বনৰক্ষী অনিল স্বৰ্গীয়াৰীক আক্ৰমণ কৰে ৫-৬ জনীয়া বালি মাফিয়াৰ দলে। মাফিয়াৰ দলটোত আছিল মৃদুল ৰাভা,উদয় ৰাভা,লেপটু ৰাভা,চিৰন ৰাভা আৰু বাংগো ৰাভা নামৰ পাঁচজন লোক ৷

বালি মাফিয়াৰ আক্ৰমণৰ বলি বন বিষয়া

আহত বনৰক্ষীজনক চিকিৎসাৰ বাবে ইতিমধ্যেই মিৰ্জা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত কুলচি বনাঞ্চলিক বিষয়া দিলিপ কুমাৰ দাসে 5 আক্ৰমণকাৰীৰ বিৰুদ্ধে পলাশবাৰী থানাত দাখিল কৰিছে এক এজাহাৰ ৷

ABOUT THE AUTHOR

...view details