অসম

assam

বানত আক্ৰান্ত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল

By

Published : May 28, 2020, 7:47 PM IST

বছৰৰ প্ৰথমটো বানত বুৰিল ৰঙিয়া । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰাকুছী হৈ বৰকুকুৰীয়ালৈ যোৱা মুখ্য পথটো বানৰ কবলত পৰাত অৰ্ধ শতাধিক গাঁৱৰ ৰাইজে যাতায়তৰ সমস্যাত ভুগিব লগা হৈছে । লগতে বাঢ়ি অহা পানী পুখুৰীত সোমোৱাৰ বাবেই লোকচানৰ সন্মুখীন হৈছে মীনপালকসকল ।

ৰঙিয়া
বানত আক্ৰান্ত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল

ৰঙিয়া, ২৮ মে': কৰ'ণাৰ আতংকৰ মাজতে ৰঙিয়া প্লাবিত হৈছে বছৰটোৰ প্ৰথমটো বানত । নেৰানেপেৰা বৰষুণৰ পিছৰ পৰা বৰ্তমান ৰঙিয়াৰ খাল, বিলসমূহৰ লগতে নৈসমূহৰো জলস্তৰ বৃদ্ধি পাইছে । যাৰ বাবে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তাৰাকুছী হৈ বৰকুকুৰীয়ালৈ যোৱা মুখ্য পথটো বানৰ কবলত পৰাত অৰ্ধ শতাধিক গাঁৱৰ ৰাইজে যাতায়তৰ সমস্যাত ভুগিব লগা হৈছে । জলমগ্ন পথটোৰে বহু লোকে কলৰ ভুৰ সাজি অতি বিপদজনক ভাৱে অহা কৰিবলগীয়াত পৰিছে । লগতে বৰলীয়াৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ বহুলোকৰ ঘৰৰ চোতালৰ লগতে ঘৰৰ পিছফালে থকা বাৰী পৰ্যন্ত পাইছে গৈ ।

বানত আক্ৰান্ত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল

ফলত সাৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি হোৱাৰ উপৰিও পশুধনকলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । ইয়াৰ উপৰিও ফেনে ফোঁটোকাৰে বাঢ়ি অহা পানী পুখুৰীত সোমোৱাৰ বাবে অঞ্চলটোৰ মীনপালকে উৎপাদন কৰা মাছ বানপানীত ওলাই গৈছে। ফলত যথেষ্ঠ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে মীনপালকসকল। এইক্ষেত্ৰত বন্যাক্ৰান্ত ৰাইজে বানৰ কবলত পৰা অঞ্চলটোৰ ক্ষয়ক্ষতিৰ বুজলৈ আৰু উপযুক্ত ক্ষতিপূৰণৰ লগতে আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

বানত আক্ৰান্ত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল

ABOUT THE AUTHOR

...view details