অসম

assam

ETV Bharat / state

বকোত পানীত ডুব গ'ল বিভিন্ন অঞ্চল

পানীৰ প্ৰবল সোঁতে ভাঙি পেলায় ডিৰিমা, বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ থকা ভালেকেইখন কাঠৰ আৰু বাঁহৰ দলং৷ ভঙা দলংসমূহ উটি আহি শিংৰা শ্লুইচ গেট আৰু ১নং বৰুৱাপথাৰ শ্লুইচ  গেটত লাগি থকাৰ ফলত পানী জমা হৈ নষ্ট হয় একাংশ খেতিপথাৰ ৷ পাহাৰতলী প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বানপীড়িত ৰাইজে ৷

ফেনীৰ কবলত বানত ডুব গ'ল বকোৰ বিভিন্ন অঞ্চল

By

Published : May 5, 2019, 5:25 PM IST


বকো, 5 মে' :ৰাজ্যত অব্যাহত নেৰানেপেৰা বৰষুণ ৷ দুদিন ধৰি হৈ থকা বৰষুণৰ ফলত পানীৰ তলত বকোৰ বহু অঞ্চল ৷

জলমগ্ন হৈ পৰিছে বকোৰ সমীপৰ খামাৰ, কলিয়াবড়ীৰ বিভিন্ন ঠাই৷ বালিঝাৰ, পাহাৰতলী, ভড়ালীপাৰা আদি অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বান ৷

ফেনীৰ কবলত বানত ডুব গ'ল বকোৰ বিভিন্ন অঞ্চল

আনহাতে পানীৰ প্ৰবল সোঁতে ভাঙি পেলায় ডিৰিমা, বালিঝাৰ, ডেকাপাৰাত শিংৰা নদীৰ ওপৰৰ থকা ভালেকেইখন কাঠৰ আৰু বাঁহৰ দলং৷ ভঙা দলংসমূহ উটি আহি শিংৰা শ্লুইচ গেট আৰু ১নং বৰুৱাপথাৰ শ্লুইচ গেটত লাগি থকাৰ ফলত পানী জমা হৈ নষ্ট হয় একাংশ খেতিপথাৰ ৷ পাহাৰতলী প্ৰাথমিক বিদ্যালয়ত এটা অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বানপীড়িত ৰাইজে ৷

ABOUT THE AUTHOR

...view details