ৰঙিয়া,৫ জুলাই:ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বন্যাৰ্তৰ মাজত হাহাকাৰময় পৰিস্থিতি(Flood situation in Assam) । কিছুদিন পূৰ্বে ৰঙিয়াত হোৱা প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত এতিয়া আন এক সমস্যাই গা কৰি উঠিছে(New problem in flood affected areas in Rangia) । বানে প্লাৱিত কৰা ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ লোকৰ দেহত এতিয়া ছানি ধৰিছে বিভিন্ন ৰোগে(Various diseases have occurred to flood victims in Rangiya) ।
জ্বৰ,চৰ্দী,কাঁহ,পেটৰ অসুখ আৰু বিশেষকৈ বিভিন্ন ছালৰ ৰোগে জুৰুলা কৰিছে বানাক্ৰান্ত ৰাইজক । বানাক্ৰান্ত সকল থকা বিভিন্ন আশ্ৰয় শিবিৰৰ লগতে বৰ্তমানেও পানীৰ তলত থকা ঠাই সমুহত এই ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা হৈছে । বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ আশ্ৰয় শিবিৰৰ লগতে দাঁতিকাষৰীয়া কিছু অঞ্চল যেনে উদিয়ানা,গড়ভিতৰ বালাগাঁৱ,বৰডোঙা বটাকুছি ধুহি আদি কিছু কিছু এলেকাত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।