বকো, 4 জুন :বনজ সম্পদ ৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পশ্চিম কামৰূপ বন সংমণ্ডল অন্তৰ্গত বন বিভাগ । দিনে নিশাই বনজ সম্পদ ধংস কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা । এইবাৰ বন্দাপাৰা ৰেঞ্জত দুষ্কৃতিকাৰীয়ে কাটিলে শাল গছ ৷
ৰাজাপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে দুষ্কৃতিকাৰীৰ বন ধ্বংস যজ্ঞ ৷ যাৰ ফল স্বৰপে এতিয়া জাঙুৰ কাই উঠিছে বন্দাপাৰা স্থানীয় সচেতন লোক ৷ অভিযোগ অনুসৰি এই বন ধ্বংস যজ্ঞৰ সন্দৰ্ভত বন বিভাগৰ কৰ্তৃপক্ষ অৱগত যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷