অসম

assam

ETV Bharat / state

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু

কামৰূপ জিলাৰ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় প্ৰাংগনত সাজু কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ । মহাবিদ্যালয় প্ৰাংগনত তিনিটা কোঠাত প্ৰায় ১০০গৰাকী লোক থকা মেলাৰ সু-ব্যৱস্থা কৰা হৈছে ।

BOKO COLLEGE IS SET FOR QUARANTINE CENTER
BOKO COLLEGE IS SET FOR QUARANTINE CENTER

By

Published : Jun 10, 2020, 4:27 AM IST

বকো, 9 জুন : দেশৰ লগতে অসমতো মহামাৰী কৰ'ণাৰ ব্যাপক প্ৰভাৱ পৰিছে । বহিঃৰাজ্যত থকা লোকসকলে অসমৰ বিভিন্ন প্ৰান্তত কোৱাৰেণ্টাইন হৈ থকা সময়তে কৰ'ণাত সংক্ৰমণৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। সম্প্ৰতি ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক নিজ নিজ সমষ্টিত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰি স্বাৱ নমুনা সংগ্ৰহ কৰি ফলাফল নোলোৱালৈকে কোৱাৰাইন্টাইন কেন্দ্ৰসমূহত থকা মেলাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে।

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজু

যাৰ ফলত ৰাজ্যৰ সমষ্টি সমূহৰ মহাবিদ্যালয় সমূহ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে । একেদৰে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয় প্ৰাংগনত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ সম্পূৰ্ণ হৈ উঠিছে । কোৱাৰেণ্টাইন কেন্দ্ৰত বকো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ-সংমণ্ডলে নিৰ্মাণ কৰিলে ১৬টাকৈ উন্নত মানৰ সংলগ্ন শৌচাগাৰ আৰু গা ধোৱা ঘৰ। ইয়াৰোপৰি ২৪ ঘন্টাই কেন্দ্ৰটোত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :আজাৰাত নতুনকৈ কন্টেইনমেন্ট জ'ন ঘোষণা

ABOUT THE AUTHOR

...view details