ৰঙিয়া, 8 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগতে বোকা ছটিওৱা ৰাজনীতি তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত ৷ দেওবাৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷ ভুৱনেশ্বৰ কলিতাক এগৰাকী ব্যৰ্থ নেতা বুলি বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই আক্ৰমণ কৰি কলিতাৰ কামৰ হিচাপ বিচাৰিছিল । ইয়াৰে প্ৰত্যুত্তৰত ভুৱনেশ্বৰ কলিতাই তেওঁৰ কামৰ খতিয়ান বিচৰাৰ নৈতিক অধিকাৰ বিজেপিৰ নাই বুলি প্ৰত্যাক্ৰমণ কৰে ৷ বিজেপিয়ে শাসনৰ গাদীত বহাৰ পিছৰ পৰা বিৰোধীক প্ৰশ্ন কৰাৰ অধিকাৰ হেৰুৱাইছে । এতিয়া বিজেপিয়ে ওলোটাই কংগ্ৰেছক প্ৰশ্ন কৰাটো হাস্যকৰ আখ্যা দিয়ে । এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিব আৰু শাসনাধিস্থ বিজেপি চৰকাৰে ইয়াৰ উত্তৰ দিব লাগিব ৷
ক'লা চশমা পিন্ধাৰ বাবে বিজেপিৰ নেতাই দেখা নাপায় কংগ্ৰেছৰ উন্নয়নঃ ভুৱনেশ্বৰ কলিতা
বিজেপিৰ নেতাসকলে চকুত ক'লা চচমা পিন্ধি থকাৰ বাবে কংগ্ৰেছৰ উন্নয়নমূলক কামবোৰ দেখা নাপায় বুলি মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ ৷ লগতে বিজেপিয়ে কংগ্ৰেছক কামৰ খতিয়ান বিচৰাৰ নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কলিতাৰ ৷
বিজেপিৰ নেতাসকলে চকুত ক'লা চচমা পিন্ধি থকাৰ বাবে কংগ্ৰেছৰ উন্নয়নমূলক কামবোৰ দেখা নাপায়: ভুৱনেশ্বৰ কলিতা
ইয়াৰ লগতে তেওঁৰ কাৰ্যকালত ৰাস্তা-ঘাট নিৰ্মাণ কৰাকে ধৰি বিভিন্ন উন্নয়নয়নমূলক কামৰ বিষয়েও উল্লেখ কৰে নেতাগৰাকীয়ে ৷ কিন্তু চকুত ক'লা চশমা পৰিধান কৰা বিজেপিৰ নেতাসকলে সেই উন্নয়নমূলক কামসমূহ দেখা নাপায় বুলি কটাক্ষ কৰে ভুৱনেশ্বৰ কলিতাই ৷