অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ সভাত ভুৱনেশ্বৰ কলিতাৰ মুখত কেবৰ প্ৰসংগ

সোমবাৰে ভুৱনেশ্বৰ কলিতাই কৰ্মীসভাত অংশ লৈ অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ২১ খন আসনে বিজেপিয়ে পাব বুলি কৰা মন্তব্যক ভিত্তিহীন বুলি মন্তব্য কৰে ৷

প্ৰচাৰসভাত ভুৱনেশ্বৰ কলিতা

By

Published : Apr 2, 2019, 4:14 PM IST

গুৱাহাটী,2এপ্ৰিলঃ"গছ গুৰিতে কাটিব লাগে ৷ বিজেপিৰ সাংসদ যাতে সংসদলৈ নিৰ্বাচিত হ'ব নোৱাৰে ৷ যাৰ বাবে বিজেপিয়ে চৰকাৰেই যাতে গঠন কৰিব নোৱাৰে ৷ তেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ লেথাও শেষ ৷

প্ৰচাৰসভাত ভুৱনেশ্বৰ কলিতা
দুনাই আৰু আমি বিধেয়কক লৈ চিন্তা কৰিব নালাগে ৷"- সোমবাৰে মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই বাইহাটা চাৰিআলিত কংগ্ৰেছ কৰ্মীসকলৰ লগত মত বিনিময় সভাত অংশ লৈ এই মন্তব্য আগবঢ়ায় ৷ এই সভাতে প্ৰাৰ্থীগৰাকীয়ে বিজেপি দলৰ সাংসদক বিদায় দি কংগ্ৰেছ দলক জয়ী কৰাবৰ বাবে সকলোকে আহ্বান তথা অনুৰোধ জনায় । লগতে তেওঁ মন্তব্য কৰে যে অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলত ২৫ খন আসনৰ ভিতৰত ২১ খন আসন বিজেপি দলে দখল কৰিব বুলি কৰা মন্তব্যৰ ওপৰত কোনো গুৰুত্ব নিদিও বুলি উল্লেখ কৰে । আনহাতে সভাত বিজেপিক উদ্দেশ্যি বিজেপিয়ে অসমৰ জাতীয় জীৱনৰ ভাষা, কৃষ্টি, সংস্কৃতি ধ্বংস কৰিব পৰা কোনো ধৰণৰ প্ৰচেষ্টাক সফল হ'বলৈ দিয়া নহ'ব বুলিও উল্লেখ কৰে কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই ।

ABOUT THE AUTHOR

...view details