বাইহাটা,7 ফেব্ৰুৱাৰী:বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত পানীটেমা গাঁৱত হেমন্ত ডেকা নামৰ যুৱকজনে 7 টা গাহৰিৰে আৰম্ভ কৰিছিল এখন ফাৰ্ম । এটি দুটিকৈ বাঢ়ি বাঢ়ি ফাৰ্মখনত গাহৰিৰ সংখ্যা হৈছিল 300 তকৈ অধিক ৷ চৰকাৰী চাকৰি বিচাৰি সময় নষ্ট নকৰি গাহৰিৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল যুৱকজনে ৷
বাইহাটা চাৰিআলিত অচিন ৰোগত গাহৰিৰ মৃত্যু
চৰকাৰী চাকৰি বিচাৰি সময় নষ্ট নকৰি গাহৰিৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা কমলপুৰৰ হেমন্ত ডেকাই আৰম্ভ কৰিছিল এখন গাহৰিৰ ফাৰ্ম ৷ কিন্তু হঠাতে অচিন ৰোগত আক্ৰান্ত হৈ ফাৰ্মখনৰ 300 তকৈ অধিক গাহৰিৰ মৃত্যু হয় ৷
বাইহাটা চাৰিআলিত অচিন ৰোগত গাহৰিৰ মৃত্যু
কিন্তু হঠাতে অচিন ৰোগত আক্ৰান্ত হৈ এফালৰ পৰা মৃত্যু হৈছে হেমন্তৰ ফাৰ্মৰ গাহৰিবোৰৰ । পশু চিকিৎসকৰ লগত যোগাযোগ কৰিও কোনো সুফল নাপালে যুৱকজনে । চৰকাৰীভাৱে প্ৰতিষেধক লাভ নকৰাৰ ফলতে নিজৰ ফাৰ্মৰ গাহৰিবোৰৰ এনেদৰে মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে হেমন্ত ডেকাই ।
লগতে পঢ়ক:দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে