বাইহাটা, 8 মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা কমলপুৰ সমষ্টিৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ সংকল্প গ্ৰহণ ৷ ২০২১ চনত কমলপুৰ সমষ্টি বিজেপিয়ে দখল কৰাৰ সংকল্প গ্ৰহণ ৷ আগন্তুক ২০২১ চনৰ নিৰ্বাচনত অগপক আসনখন এৰি দিয়াৰ বাবে আহ্বান জনাই বিজেপিয়ে । কমলপুৰ সমষ্টিৰ আসনখন দখলৰ বাবে যুঁজিব লাগিব বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়ক যাদৱ ডেকায়ে ৷
এইবেলি কোনো কাৰণতে কমলপুৰ সমষ্টি অগপক এৰি নিদিয়াৰ কথা অৱগত কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে । এই বিষয়ত সমষ্টিৰ কৰ্মকৰ্তাসকলে হাইকামাণ্ডৰ লগতে ৰাজ্যিক নেতৃবৃন্দকো অৱগত কৰিব বুলি মতপ্ৰকাশ কৰে ।