কামৰূপ,21মে': আমিনগাঁৱত পোহৰলৈ আহিছে যৌন নিৰ্যাতনৰ জঘন্য ঘটনা । বিজেপিৰ এজন প্ৰভাৱশালী নেতাৰ ঘনিষ্ঠ প্ৰদীপ কৰ নামৰ লোকজনে ভাৰাতীয়া ৰূপে থকা এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মহিলাগৰাকীৰ ভাষ্য অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় ভাড়াঘৰৰ গৰাকী প্ৰদীপ কৰে ৷ কেৱল ইমানেই নহয়, ঘটনাক গাপ দিয়াৰ বাবে প্ৰদীপ কৰে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল মহিলাগৰাকীক ৷
বিজেপি নেতাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
আমিনগাঁৱত ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় ভাড়াঘৰৰ গৰাকী প্ৰদীপ কৰে ৷ কেৱল ইমানেই নহয়, ঘটনাক গাপ দিয়াৰ বাবে প্ৰদীপ কৰে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল মহিলাগৰাকীক ৷
বিজেপি নেতাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
কিন্তু এই সম্পূৰ্ণ ঘটনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি নস্যাৎ অভিযুক্ত প্ৰদীপ কৰৰ ৷ ইমানেই নহয়, ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা কাৰোবাৰ উচটনিৰ সংঘটিত কৰা বুলি ভাড়াঘৰৰ আন লোকসকলৰ সন্মুখত লিখিত ৰূপত স্বীকাৰ কৰিছিল বুলিও জানিবলৈ দিয়ে প্ৰদীপ কৰে ৷ অৱশ্যে ইতিমধ্যে আমিনগাঁও আৰক্ষী থানাত এক ৰুজু কৰা হৈছে কৰৰ বিৰুদ্ধে ৷