গুৱাহাটী,18 মাৰ্চ: গুৱাহাটী মহানগৰীত পুনৰ জঘন্য ঘটনা। সাতগাঁৱত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা । ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই সাতগাঁও আৰক্ষীৰ জালত পৰিল এজন ধর্ষণকাৰী। ধৃত যুৱকজনৰ নাম ৰাজা ডেকা।
উল্লেখযোগ্য যে , সাতগাঁৱৰ পাঞ্জাবাৰীৰ নামঘৰ পথৰ এগৰাকী 14 বছৰীয়া কিশোৰীৰ সৈতে ধৃত ৰাজা ডেকাই যৌন নিৰ্যাতন চলোৱা ঘটনাসন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অৱগত হৈ সাতগাঁও আৰক্ষী থানাত যোৱা 1 মার্চত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে তদন্ত চলাই আছিল যদিও ধৃত ৰাজা ডেকাক আটক কৰিব সক্ষম হোৱা নাছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পলাতক ৰাজা ডেকাক দেওবাৰে নিশা মহানগৰীৰ ছয়মাইলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে ধর্ষণকাৰী ৰাজা ডেকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 120(B),373,376(2)(i),RW Sec6/17 ত থানাত 57/19 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।