অসম

assam

By

Published : Jun 10, 2022, 10:31 PM IST

Updated : Jun 10, 2022, 10:54 PM IST

ETV Bharat / state

HSLC পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুয়সী মেধিক ৰঙিয়াত সম্বৰ্ধনা

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়ালে বহু মেধাবী ছাত্ৰ-ছাত্ৰীয়ে । ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল ভুয়সী মেধিয়ে । শুকুৰবাৰে মেধাবী ছাত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৰঙিয়াৰ ভিঠেলীপাৰাৰ ৰাইজে (Felicitation ceremony in Rangia) ।

HSLC পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুঞসী মেধিক ৰঙিয়াত সম্বৰ্ধনা
HSLC পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুঞসী মেধিক ৰঙিয়াত সম্বৰ্ধনা

ৰঙিয়া,১০ জুন:সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam Result 2022) সুখ্যাতিৰে জিলিকিল বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী । ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে সম্বৰ্ধনা জ্ঞাপন কৰিছে বহু অনুষ্ঠান প্ৰতিষ্ঠানে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুয়সী মেধিক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৰঙিয়া ভিঠেলীপাৰাৰ ৰাইজে(Felicitation ceremony in Rangia) ।

ভিঠেলীপাৰাৰ বাসুদেৱ সত্ৰত আয়োজন কৰা এখন ৰাজহুৱা সভাত গাঁওখনৰ ৰাইজে একত্ৰিত হৈ ভুয়সী মেধিক জ্ঞাপন কৰে সম্বৰ্ধনা । এখন ফুলাম গামোছা, এটা ফুলাম জাপি আৰু এটা গছ পুলিৰে সম্বৰ্ধনা জনাই মেধাবী ছাত্ৰীগৰাকীক । ভুয়সীয়ে ৰাইজৰ সমাদৰ পাই উৎফুল্লিত হৈ পৰা বুলি মন্তব্য প্ৰকাশ কৰে ।

HSLC পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা ভুঞসী মেধিক ৰঙিয়াত সম্বৰ্ধনা

উল্লেখ্য যে পিতৃ কৰ্মসূত্ৰে নলবাৰীৰ বাসিন্দা হলেও পিতৃৰ জন্মস্থান ভিঠেলীপাৰালৈ সুনাম কঢ়িয়াই আনিবলৈ পাই যথেষ্ট সুখী বুলি ব্যক্ত কৰে ছাত্ৰীগৰাকীয়ে । ভৱিষ্যতে এগৰাকী সু চিকিৎসক হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ সপোন পুহি ৰখাৰ কথাও উল্লেখ কৰে ভুয়সী মেধিয়ে ।

ইফালে উক্ত অনুষ্ঠানতে ২০২১ আৰু ২০২২ চনত অঞ্চলটোৰ পৰা ভাল ফলাফল দেখুওৱা পোন্ধৰ গৰাকী ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰে ৰাইজে । সকলোৰে উজ্বল ভৱিষ্যত কামনা কৰে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক:মন্ত্রী সিংহলৰ হাততে আছে গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব

Last Updated : Jun 10, 2022, 10:54 PM IST

ABOUT THE AUTHOR

...view details