অসম

assam

আজি বিশ্ব চাইকেল দিৱস

By

Published : Jun 3, 2019, 8:06 AM IST

Updated : Jun 3, 2019, 9:49 AM IST

বিশ্ব চাইকেল দিৱস উপলক্ষে সোমবাৰে পুৱা চাইকেল লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল মহানগৰবাসী ৷ চাইকেল চলাই নিজৰ স্বাস্থ্য উন্নত কৰাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰিব পাৰি ৷

আজি বিশ্ব চাইকেল দিৱস

গুৱাহাটী, 03 জুন :আজি বিশ্ব চাইকেল দিৱস ৷ বিশ্ব চাইকেল দিৱস উপলক্ষে সোমবাৰে পুৱা চাইকেল লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল মহানগৰবাসী ৷ সমাজত পৰিৱৰ্তন বিচাৰি যুৱক-যুৱতী,পুৰুষ-মহিলাই মহানগৰীৰ ৰাজপথত চলালে চাইকেল ৷

পৰিৱৰ্তণৰ বাবে পেডেল মহানগৰবাসীৰ

'পেডেল ফৰ এ চেঞ্জ' নামৰ সন্থাটোৰ উদ্যোগত সোমবাৰে পুৱাই মহানগৰীত বিশ্ব চাইকেল দিৱস পালন কৰা হয় ৷ পুৱা 6 বজাত মহানগৰীৰ দীঘলীপুখুৰী, চান্দমাৰী,নেহৰু ষ্টেডিয়াম আৰু মালিগাঁৱৰ পৰা শতাধিক লোকে ৰাজপথত চাইকেল চলাই ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায় ৷ চাইকেল চলালে নিজৰ স্বাস্থ্যৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰি ৷ ইন্ধনচালিত বাহনৰ ব্যৱহাৰ কমকৈ কৰি,ৰাইজে চাইকেল চলাই নিজৰ স্বাস্থ্য উন্নত কৰাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰিব পাৰে ৷ ইয়াৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে 'পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত মহানগৰীৰ বিভিন্ন ঠাইত চাইক্লিং কৰা হয় ৷ মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ওলোৱা এই চাইকেল ৰেলী শিল্পগ্ৰামত সমাপ্ত ঘটে ৷ ইয়াৰোপৰিও বিশ্ব চাইকেল দিৱস উপলক্ষে শিল্পগ্ৰামত আজি পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত চাইকেলক লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

Last Updated : Jun 3, 2019, 9:49 AM IST

ABOUT THE AUTHOR

...view details