গুৱাহাটী, 20 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে যোৱা 24 মাৰ্চৰ পৰা লক ডাউন ঘোষণা কৰাৰ পাছৰে পৰা বন্ধ হৈ আছে জনতা ভৱনৰ সকলো কাম কাজ ৷ কিন্তু সম্পূৰ্ণ 28 দিনৰ পাছত অহা মঙলবাৰ পৰা অৰ্থাৎ 21 এপ্ৰিলৰ পৰা জনতা ভৱনত পুনৰ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ লগতে অসমত কৰ'ণা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত কম হোৱাৰ বাবেই লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷
উল্লেখ্য যে মঙলবাৰৰ পৰা জনতা ভৱনত চৰকাৰী কাম কাজ পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰে বান্ধি দিছে কিছুমান নীতি নিয়ম ৷ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা জনতা ভৱনত মন্ত্ৰী,বিধায়কৰ লগতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কৰ্মচাৰীৰ উপস্থিতিত পুনৰ আৰম্ভ হ'ব কাম ৷