অসম

assam

By

Published : Mar 9, 2023, 8:00 AM IST

ETV Bharat / state

Women’s Day special event: নাৰী দিৱস উপলক্ষে অসম আৰক্ষীত মহিলা শীৰ্ষক অনুষ্ঠান

নাৰী দিৱস উপলক্ষে গুৱাহাটীত অনুষ্ঠিত হৈ যায় "অসম আৰক্ষীত মহিলা" শীৰ্ষক এক বিশেষ অনুষ্ঠান ৷

Women in Assam Police
অসম আৰক্ষীত মহিলা

অসম আৰক্ষীত মহিলা

গুৱাহাটী, 9 মার্চ : আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অসম আৰক্ষীৰ উদ্যোগত বুধবাৰে “অসম আৰক্ষীত মহিলা” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । উলুবাৰীস্থিত পুলিচ অফিচাৰ্ছ মেচত আয়োজিত এই অনুষ্ঠানত অসম আৰক্ষীৰ কেইবাগৰাকীও মহিলা আৰক্ষী বিষয়াই তেওঁলোকৰ চাকৰি জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ কথা বর্ণনা কৰাৰ লগতে বিভিন্ন বিষয়ত আলোকপাত কৰে আৰু মত-বিনিময় কৰে । জনপ্ৰিয় শিল্পী জুবলী বৰুৱাই আঁত ধৰে এই বিশেষ অনুষ্ঠানটোৰ ৷

অসম আৰক্ষীত মহিলা শীৰ্ষক অনুষ্ঠানটোত উপস্থিত থাকে বহু কেইগৰাকী আগশাৰীৰ মহিলা বিষয়া ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ উপ-মহা-পৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই অসমৰ মহিলা আৰক্ষীৰ ইতিহাস সম্পর্কত বিষদভাৱে বৰ্ণনা কৰাৰ লগতে অন্যান্য বিভিন্ন বিষয়ত মত-বিনিময় কৰে । আৰক্ষীৰ বিশেষ শাখাৰ উপ-মহাপৰিদৰ্শক ৰত্না সিংহই আৰক্ষী সেৱাত থাকি পেছাগত আৰু ব্যক্তিগত জীৱনৰ সন্তুলন কেনেদৰে ৰক্ষা কৰিব লগা হয় সেই বিষয়ে উল্লেখ কৰে । সহকাৰী আৰক্ষী মহাপৰিদর্শক (কল্যাণ) শৰ্মিষ্ঠা বৰুৱাই আৰক্ষীৰ লোকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ কৰে ।

আনহাতে, ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে জিলাখনত কেনেদৰে সমস্যাসমূহৰ লগত মোকাবিলা কৰিব লগা হয় সেই সম্পৰ্কত তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰে । বিশেষকৈ বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁ সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই জিলাখনত চলোৱা বৃহৎ উচ্ছেদ অভিযান, আইন-শৃংখলাজনিত পৰিস্থিতিৰ লগত মোকাবিলা আদি কেবাটাও বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ দিয়ে । অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাঞ্জলি দলেই মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰ বিষদ ব্যাখ্যা আগবঢ়ায় ।

তাৰ উপৰিও অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) সুকন্যা দাসে মানসিকভাৱে হতাশাগ্ৰস্ত লোকসকলক অনুপ্ৰেৰণা যোগোৱা তথা কাউন্সিলিং কৰাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাখিনিৰ বিষয়ে উল্লেখ কৰে । ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া সজল আগৰৱালাই সাধাৰণ জীৱন আৰু আৰক্ষীৰ জীৱন তথা প্ৰশিক্ষণৰ পিচৰ জীৱন শৈলী সম্পৰ্কত তেওঁৰ অনুভৱৰ বিষয়ে বৰ্ণনা কৰে । একেধৰণে সহকাৰী আৰক্ষী আয়ুক্ত অৰুণিমা ভূঞাই প্ৰতিবন্ধী সম্পৰ্কীয় গোচৰসমূহৰ তদন্ত কৰাৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে ।

মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত পৰিদৰ্শক টুইংকল গোস্বামীয়ে তেখেতৰ কৰিবলগীয়া কামৰ বিভিন্ন দিশসমূহ বৰ্ণনা কৰে । তদুপৰি, অনুষ্ঠানত উপস্থিত থাকি অপৰাধ অনুসন্ধান শাখাৰ পৰিদৰ্শক বিজয়া দাসে পকচ’ (POCSO) আইনৰ গোচৰসমূহৰ তদন্তৰ এক আভাস দাঙি ধৰে । ভৰলুমুখ থানাৰ উপ-পৰিদৰ্শক অঞ্জুশ্ৰী কলিতাই ড্ৰাগছ সংক্ৰান্তীয় গোচৰসমূহৰ তদন্তৰ বিষয়ে উল্লেখ কৰে । উপ- পৰিদৰ্শক তৃষ্ণা নাথে শেহতীয়াকৈ ৰাজ্য কঁপাই যোৱা দ্বৈত হত্যাকাণ্ডৰ তদন্ত আৰু অভিযুক্ত বন্দনা কলিতাৰ লগতে অন্য দুগৰাকী অভিযুক্তক লৈ মেঘালয়ত চলোৱা অভিযানত তেওঁ সন্মুখীন হোৱা সমস্যা আৰু অভিজ্ঞতাখিনিৰ বিষয়ে বৰ্ণনা কৰে ।

লগতে পঢ়ক :Self reliant women of Jorhat:পৰম্পৰাগত খাদ্য সম্ভাৰৰে উজলিছে ৰূপজ্যোতি বৰা

ABOUT THE AUTHOR

...view details