অসম

assam

ETV Bharat / state

Woman murder in train: চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যা

ৰে’লেৰে যাত্ৰা কৰোঁতে সাৱধান হওক ৷ কামাখ্যা ৰে’ল ষ্টেচন আৰু আজৰা ৰে’ল ষ্টেচনৰ‌ মাজত চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যাৰ‌ ঘটনা‌ সংঘটিত‌ হৈছে । মৃত মহিলাগৰাকী নলবাৰীৰ পম্পী শৰ্মা হালৈ।

Woman killed by poisoning on moving train
চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যা

By

Published : Aug 16, 2023, 10:47 PM IST

চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যা

গুৱাহাটী, 16 আগষ্ট : গুৱাহাটীত চলন্ত ৰে’লত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে কামাখ্যা ৰে’ল ষ্টেচন আৰু আজৰা ৰে’ল ষ্টেচনৰ‌ মাজত চলন্ত ৰে’লত নিচাযুক্ত দ্ৰব্য খুৱাই মহিলাক হত্যাৰ‌ ঘটনা‌ সংঘটিত‌ হৈছে । মৃত মহিলাগৰাকী নলবাৰীৰ পম্পী শৰ্মা হালৈ বুলি আৰক্ষীয়ে সদৰী কৰিছে।পম্পী শৰ্মা হালৈ নলবাৰীৰ খগেন হালৈৰ পত্নী।‌

ঘটনাৰ বিৱৰণী অনুসৰি মহিলাগৰাকীয়ে চুলতানগঞ্জলৈ ভনীয়েকৰ লগত গৈছিল। তাত অস্থি বিসৰ্জনৰ পিচত ভনীয়েকে অসমলৈ গুচি আহিছিল ।‌ পিচত মহিলাগৰাকী অকলে বাবা ধামলৈ গৈছিল। বাবা ধামৰ পৰা ৰে’লেৰে মহিলাগৰাকী অকলে গয়া কামাখ্যা এক্সপ্ৰেছেৰে কামাখ্যা ষ্টেচনলৈ ঘৰলৈ বুলি উভতি আহি আছিল। আহি থকাৰ পথত আজাৰা ৰে’ল‌ ষ্টেচন পোৱা পৰ্যন্ত মহিলাগৰাকীৰ পৰিয়ালৰ লগত ফোনযোগে যোগাযোগ হৈ আছিল।

মহিলাগৰাকীয়ে মোবাইলত আত্মীয়ক জনোৱা অনুসৰি, তেওঁৰ বহুত পানীৰ পিয়াহ লাগিছিল। কিন্তু ৰে’লত পানী নাছিল। পিচত আজাৰা ৰে’ল‌ ষ্টেচনৰ পৰা ৰে’লখন এৰাৰ পিচত মহিলাগৰাকীৰ পৰিয়ালৰ মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। পিচত পৰিয়ালৰ মানুহে মহিলাগৰাকীক বিচাৰি আহি নাপাই দবাই দবাই চাওঁতে প্ৰস্ৰাৱগাৰত মহিলাগৰাকীৰ মৃতদেহ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ তাৰ পিচত আৰ পি এফৰ সহায়ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।‌

আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৰে’লত কোনো দুৰ্বৃত্তই খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই দিয়াৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয় ৷ মহিলাগৰাকীৰ সোণৰ সকলো আ-অলংকাৰসহ বেগ পৰ্যন্ত দুৰ্বৃত্তই লুট কৰি লৈ যায়। ইতিমধ্যে কামাখ্যা জি আৰ পিয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। পৰিয়ালৰ এজেহাৰৰ ভিত্তিত জি আৰ পি আৰু আৰ পি এফে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে।

লগতে পঢ়ক:Prisoner escaped from jail: জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন; হত্যাৰ অপৰাধত হৈছিল কাৰাবন্দী

ABOUT THE AUTHOR

...view details