গুৱাহাটী, ২৪ আগষ্ট: অসমত বন্যহস্তীৰ বাসস্থান সংকুচিত হোৱাৰ ফলত বিভিন্ন কাৰণত অকাল মৃত্যু ঘটিছে বনৰীয়া হাতীৰ(Wild elephant habitat decreased in Assam)।বছৰৰ পাছত বছৰ ধৰি বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট,বিষক্রিয়া,মানুহৰ আক্ৰমণ চাহ বাগিচাৰ নলাত পৰি আৰু দ্রুতগামী ৰে'লৰ খুন্দাত অকাল মৃত্যু ঘটি আহিছে । হৃদয় বিদাৰক খবৰ যে ৰাজ্যখনত এটা দশকৰ ভিতৰত শতাধিক বনৰীয়া হাতীয়ে মৃত্যুক(Hundreds wild elephants die in a decade)সাৱটি লৈছে ।
বন বিভাগৰ তথ্য(Forest Department Data)মতে,২০১০চনৰ পৰা ২০২০ চনলৈকে ৰাজ্যখনৰ বিভিন্ন প্রান্তত ভিন্ন কাৰণ ১১৭ টা বনৰীয়া হাতীৰ অকাল মৃত্যু ঘটিছে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ৰে'লৰ খুন্দাত বৃহৎ সংখ্যক বনৰীয়া হাতীয়ে দুর্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লৈছে । ৰে'ল কর্তৃপক্ষই কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা আৰু দ্রুতগামী ৰেলৰ গতিবেগ নিয়ন্ত্রণ নকৰাৰ ফলত শোণিতপুৰৰ বামগাঁও,হোজাই হাৱাইপুৰত আৰু লামডিঙৰ দৰে ঠাইত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ৷
উল্লেখ্য় যে ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৩৭ টাৰো অধিক বনৰীয়া হাতী ৰে'লৰ খুন্দাত মৃত্যু ঘটাত ৰেল কর্তৃপক্ষ(Railway Authority of north east)বাৰম্বাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । তথ্য মতে, ২০১৬-১৭ বৰ্ষত উত্তৰ অসম বন সংমণ্ডলৰ অধীনত থকা ছয়টা সংমণ্ডল ক্রমে নগাঁও,হোজাই,শোণিতপুৰ, বিশ্বনাথ,লখিমপুৰ আৰু ধেমাজি সংমণ্ডলত ৩৩টা হাতীৰ অকাল মৃত্যু ঘটিছে ।