গুৱাহাটী, 11জুলাইঃ ভৰ বাৰিষা পানীৰ লগতে আহিছে মাৰাত্মক ৰোগৰ বীজাণু ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ বাঢ়নি পানীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ সৃষ্টি কৰিছে সৰ্বত্ৰে ৷ বানত ডুবিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ এফালে যদি বানৰ বিভীষিকা,আনফালে মাৰাত্মক ৰোগৰ প্ৰাদূৰ্ভাৱ ৷ শেহতীয়াকৈ ৰাজ্যত মহামাৰীৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ কিন্তু ইয়াতেই শেষ হোৱা নাই সমস্যাৰ ৷ বাৰিষাৰ সময়ছোৱাত প্ৰদূষিত পানী সেৱন কৰাৰ ফলত মানুহৰ শৰীৰত বাঁহ ল'ব পাৰে কেবাবিধো মাৰাত্মক ৰোগৰ বীজাণুৱে৷ কিয়নো পানীৰ পৰাই মানুহৰ দেহত বিয়পে
- ডায়েৰীয়া,কলেৰা,জণ্ডিচ,হেপাটাইটিছ এ,হেপেটাইটিছ ই,
- টাইফয়ড,পেৰা টাইফয়ড জ্বৰ,জি আৰডাইছিছ, এমিবাইছিছ
আদি মাৰাত্মক ৰোগ ৷ ৰাজ্য চৰকাৰৰ তথ্যত প্ৰকাশ পোৱা তথ্যনুসৰি
- অসমৰ ২২ খন জিলাৰ ভূ-গৰ্ভস্থ পানীত আছে মাৰাত্মক ৰাসায়নিক দ্ৰব্য
এই ভুগৰ্ভস্থ জলত থকা
- ফ্ল'ৰাইড,আৰ্চেনিক,আইৰন,চেলিনিটি, নাইট্ৰেট
- আদিৰ ফলত মানুহৰ শৰীৰত বাঁহ ল'ব পাৰে মাৰাত্মক ৰোগে ৷ কিন্তু বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব আপুনি ৷
- পৰিস্কাৰ পৰিচ্ছন্নতাই ৰোধ কৰে বহু ৰোগ
- অপৰিস্কাৰ পৰিৱেশ ডায়েৰীয়া,কলেৰা,ফিটা অথবা ঘূৰণীয়া পেলুৰ কাৰক
উল্লেখ্য যে প্ৰতি বছৰে ভাৰতবৰ্ষত
- ৩৭.৭ নিযুত লোক পানীৰ পৰা হোৱা ৰোগত আক্ৰান্ত হয়
- বছৰি প্ৰায় ১.৫ নিযুত শিশুৰ মৃত্যু হয় ডায়েৰিয়াত