গুৱাহাটী, 6 মে' : দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ সময়ত শ্বিলঙত আছিল অসমৰ ৰাজধানী ৷ উপহাৰ স্বৰূপে পোৱা এই টেংকখন দীৰ্ঘদিন ধৰি ৰখা হৈছিল শ্বিলঙত ৷ 1975 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাচতেই দিছপুৰলৈ লৈ অনা হৈছিল টেংকখন ৷ সেই তেতিয়াৰে পৰা এতিয়ালৈকে প্ৰায় চাৰি দশক জুৰি এনেকৈ ৰ'দে-বৰষুণে পংগু হৈ পৰি ৰৈছে মিত্ৰ বাহিনীয়ে দি থৈ যোৱা এই ঐতিহাসিক উপহাৰ ৷
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মিত্ৰ বাহিনীয়ে অসম চৰকাৰক উপহাৰ দিয়া টেংকখন এতিয়া ক'ত আছে ?
দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত মিত্ৰ বাহিনীয়ে অসম চৰকাৰক উপহাৰ দিছিল এইখন বিশেষ টেংক ৷
চৰকাৰক উপহাৰ দিয়া টেংক
জনতা ভৱনৰ ঠিক পাচফালে সাধাৰণ জনতাৰ অলক্ষিতে আজি প্ৰায় চাৰি দশকৰো অধিক কাল ধৰি পৰি আছে এই টেংকখন ৷ সাধাৰণ জনতাতো বাদেই, খোদ জনতা ভৱন আৰু বিধানসভা সচিবালয়ৰে বহু বিষয়া-কৰ্মচাৰীয়ে নাজানে এইখন যুদ্ধ টেংকৰ ইতিহাস ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ...