গুৱাহাটী, 24 জানুৱাৰী:মাত্ৰ এদিনৰ পিচতে দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস(Republic day 2023) ৷ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বানেৰে পূৰ্বৰ দৰেই এইবাৰো আহিল আলফাৰ প্ৰেছ বিবৃতি(ULFA I) । এইবাৰো 26 জানুৱাৰী বৰ্জনৰ আহ্বান জনাইছে পৰেশ বৰুৱা(Paresh Baruah) নেতৃত্বাধীন সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ)ৰ লগতে এনএছচিএন(NSCN)/জিপিআৰএন(GPRN) য়ে ৷ কেপ্তেইন ৰুমেল অসম স্বাক্ষৰিত এক যৌথ বিবৃতি যোগে আলফাৰ লগতে আটাইকেইটা সংগঠনে জনাইছে এই আহ্বান ৷
প্ৰায় প্ৰতিবাৰৰ দৰেই এইবাৰো অসম আৰু নগালেণ্ড বন্ধৰ আহ্বান জনাইছে সংগঠন দুটাই ৷ আলফাই 26 জানুৱাৰীৰ নিশা 12 বজাৰ পৰা আবেলি 6 বজালৈ এই বন্ধৰ আহ্বান জনাইছে ৷ এই বন্ধত আলফাই জৰুৰীকালীন বিভাগবোৰ, সংবাদমাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব বুলি বিবৃতিটোত জনাইছে ৷ পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্ৰত্যাখান কৰিবৰ বাবে আহ্বান আলফা স্বাধীনৰ ৷
মন কৰিবলগীয়া যে, আলফাই দীৰ্ঘদিন ধৰি দেশৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে যদিও শেহতীয়া কিছু বছৰ ধৰি জনসাধাৰণে মুক্ত মনেৰে এনে উৎসৱ পালনৰ বাবে ওলাই আহিছে ৷ অৱশ্যে আলফাৰ 40 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই 2021 বৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ বাধা প্ৰদান কৰা নাছিল বা বৰ্জনৰ বাবে আহ্বান জনোৱা নাছিল ।