গুৱাহাটী , 6 এপ্ৰিলঃ অসমৰ ৰাইজৰ বাবে গান গোৱা এসময়ৰ দুজন শিল্পী ৷ যি দুজন ব্যক্তিৰ সৃষ্টিৰাজিৰ বিষয়ে অসমৰ ৰাইজে পাহৰিব বিচাৰিলেও পাহৰিব নোৱাৰে । সময়ৰ সোঁতৰ লগত সলনি হোৱা প্ৰজন্মৰ বাবে গান গাবলৈ যেন থমকি ৰোৱা নাই এই শিল্পী দুজন ৷ এই দুই শিল্পী হ'ল জে পি দাস আৰু মহেন্দ্ৰ হাজৰিকা ৷
দেহাই নাটনিলেও বিহুৰ অনুষ্ঠান কৰিবলৈ যাম মইঃ জে.পি. দাস
সময়ৰ সোঁতৰ লগত সলনি হোৱা প্ৰজন্মৰ বাবে গান গাবলৈ থমকি নোৰোৱা দুজন শিল্পী জে পি দাস আৰু মহেন্দ্ৰ হাজৰিকা
: অসমৰ ৰাইজৰ বাবে গান গোৱা এসময়ৰ দুজন শিল্পী
গানেৰে জগত জিনি প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি জাকত জিলিকা হৈ ৰোৱা এই শিল্পীদ্বয়ৰ বিহুৰ প্ৰস্তুতি পৃথক হলেও বিহুৰ সংজ্ঞা দুয়োজনৰ বাবে একেই । শিল্পী জে.পি দাসে কয় যে দেহাই নাটনিলেও তেখেতে বিহুৰ অনুষ্ঠান কৰিবলৈ যাব ৷ ইপিনে আগৰ গীত সমূহকে নতুন গীত আখ্যা দিয়ে জে পি দাস ডাঙৰীয়াই ৷ আনহাতে বিহুক লৈ মহেন্দ্ৰ হাজৰিকাৰ আছে এক সুকীয়া আবেগ ৷ তেখেতে কয় যে, আবতৰত বিহু মাৰিব নালাগে, চ'ত মাহত আৰু জেঠ মাহত বিহু মাৰিলে নহ'ব ৷