অসম

assam

ETV Bharat / state

পৰ্যটন আৰু সাংস্কৃতিয়ে উত্তৰ-পূবৰ বিকাশৰ মূল চালিকা শক্তি : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে । ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সৌজন্যত আয়োজিত দুনিনীয়া এই সন্মিলনৰ প্ৰথম পূৰ্ণ অধিৱেশনত কেন্দ্ৰীয় পৰ্যটন, সংস্কৃতি তথা উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় পৰ্যটন তথা প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটো উপস্থিত থাকে ।

Tourism and culture are vital engines of growth of North East
পৰ্যটন আৰু সাংস্কৃতিয়ে উত্তৰ-পূবৰ বিকাশৰ মূল চালিকা শক্তি

By

Published : Sep 13, 2021, 9:30 PM IST

গুৱাহাটী, 13 ছেপ্টেম্বৰ :উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে সংস্কৃতি আৰু পৰ্যটন- এই দুয়োটা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ প্ৰথমবাৰৰ বাবে কেন্দ্ৰী মন্ত্ৰীসভাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা জি কিষাণ ৰেড্ডীয়ে পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়ৰো দায়িত্ব লাভ কৰাটো উত্তৰ-পূবৰ বাবে সুবৰ্ণ সুযোগ ৷ গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

পৰ্যটন আৰু সাংস্কৃতিয়ে উত্তৰ-পূবৰ বিকাশৰ মূল চালিকা শক্তি

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সুদক্ষ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু পৰ্যটন উদ্যোগটোৱে বিকাশৰ এক নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হ'ব ৷ উত্তৰ-পূবৰ প্ৰত্যেকখন ৰাজ্যৰে সুকীয়া সুকীয়া সাংস্কৃতিক বৈভৱেৰে চহকী ৷ দেশৰ অন্যান্য অংশৰ তুলনাত অৱেহিলত উত্তৰ-পূবে অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰাহে বিশেষ গুৰুত্ব লাভ কৰিছিল ৷

লগতে পঢ়ক:অসমৰ ১,৭০০ খন গাঁৱক "আদৰ্শ গাঁও" হিচাপে নিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰৰ

অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ ডিমা হাচাও জিলাৰ উমৰাংছুৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, উত্তৰ-পূৰ্বাঞ্চলৰ বহু পৰ্যটনস্থলীৰ যোগাযোগ ব্যৱস্থাৰ উন্নত নোহোৱাৰ বাবে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাত বিশেষ সক্ষম হোৱা নাই ৷ এনে ক্ষেত্ৰত উত্তৰ-পূৱৰ পথ আন্তঃগাঁথনিৰ বিকাশৰ বাবে অধিক বিনিয়োগত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীক আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ থকা ঐতিহাসিক, ধৰ্মীয় আৰু প্ৰাকৃতিক পৰ্যটনস্থলীসমূহলৈ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰা তথা উপযুক্ত বিপণনৰ স্বাৰ্থত 'ব্ৰেণ্ড নৰ্থ ইষ্ট' ধাৰণাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অঞ্চলটোৰ আটাইকেইখন ৰাজ্যই সহযোগিতাৰে কাম কৰিলে আকাংক্ষিত পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

পৰ্যটন আৰু সাংস্কৃতিয়ে উত্তৰ-পূবৰ বিকাশৰ মূল চালিকা শক্তি

লগতে পঢ়ক:শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সৌজন্যত দুদিনীয়াকৈ আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকলৰ সন্মিলনৰ প্ৰথম পূৰ্ণ অধিৱেশনত কেন্দ্ৰীয় পৰ্যটন, সাংস্কৃতিক তথা উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় পৰ্যটন তথা প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটো উপস্থিত থাকে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপস্থিতিত পৰ্যটন মন্ত্ৰালয় আৰু ইণ্ডিয়ান ৰে'লৱে কটাৰিং এণ্ড ট্যুৰিজিম কৰ্প'ৰেশ্যনৰ মাজত দেশীয় পৰ্যটনৰ প্ৰসাৰৰ বাবে এখম বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ সচিব আৰবিন্দ সিঙে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত পৰ্যটন মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান গাঞ্জি কমলা বৰ্ধমা কৰাও, অতিৰিক্ত সঞ্চালক প্ৰঝান ৰূপিন্দৰ ব্ৰাৰৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল, মুখ্য সচিব বিষ্ণু বৰুৱা, অসম চৰকাৰৰ বিষয়া সকল আৰু উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:উত্তপ্ত মৰাণ মহাবিদ্যালয়; ড৹ মিতালী কোঁৱৰক প্ৰৱেশত বাধা ছাত্ৰ সমাজৰ

ABOUT THE AUTHOR

...view details