আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত: মুখ্যমন্ত্ৰীয়ে জনালে অভিবাদন
ৰাজ্যবাসীলৈ এক সুখবৰ ৷ কৰ’ণা মহামাৰী ৰুধিবলৈ বিহাৰৰ জামছেদপুৰৰ পৰা প্ৰায় 80 মেট্ৰিকটন অক্সিজেন লৈ অহা এখন বিশেষ ৰে’ল পালেহি আমিনগাঁও । দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত আইচিডিটিত উপস্থিত হৈ অক্সিজেন পৰিবাহী ৰে’লখনক আদৰণি জনায় ৷
ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য
অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে পুৱতি নিশা সংঘটিত উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত অসম ৰাইফলছৰ জোৱান আৰু আৰক্ষীৰ এটা দলে চলাইছিল এক অভিযান ৷ ধনশিৰিৰ মিচিবাইলুঙত সংঘটিত হোৱা এই অভিযানত অভিযানকাৰী দলটো সন্মুখীন হৈছিল সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ ৷ ফলত উক্ত স্থানতে চলিছিল দুয়োটা দলৰ মুখামুখি সংঘৰ্ষ ৷
দৰং জিলাৰ মঙলদৈৰ চৰ অঞ্চলত আৰক্ষীৰ এক বৃহৎ অভিযান । আৰক্ষীৰ অভিযানত জব্দ ৫ টা হস্তনিৰ্মিত ৰাইফল, ৮ যোৰ ভাৰতীয় সেনাৰ পোছাক আৰু এযোৰ আৰক্ষীৰ পোছাক । লগতে দৰং আৰক্ষীয়ে দুটা দুধৰ্ষ ডকাইতক আটক কৰে । দুয়োজন ক্ৰমে ধূলা থানাৰ অন্তৰ্গত ধনশ্ৰীকাষ গাঁৱৰ হাৰুনুল ৰচিদ আৰু বান্দিয়া গাঁৱৰ চহৰ আলী ।
য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল
সাগৰীয় ঘূৰ্ণী য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল ৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ নিৰাপত্তাৰ দিশৰ পৰা চালি-জাৰি চাই ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া 6 খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া 6 খন ৰে’লকে ধৰি মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে-এ ৷
বজাৰ নাই : খেতিতে গেলিছে বিঘাই বিঘাই তৰমুজ
সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা মহামাৰী কৰ'ণাই অন্ধকাৰ নমাই আনিছে ৰাজ্যৰ কৃষকৰ জীৱনলৈ ৷ ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰা পাচতেই এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ যাৰ ফলত নিতৌ সলনি হৈছে ৰাজ্যৰ দৃশ্যপট ৷ লকডাউন, অৰ্ধ লকডাউন, সান্ধ্য আইনৰ দৰে কঠোৰ নিৰ্দেশনাৰ মাজতে কৃষকৰ জীৱনলৈ নামি আহিছে অশনি সংকেট ৷ পথাৰতেই নষ্ট হৈছে কৃষকসকলে অতি কষ্টেৰে কৰা ৰবি শস্যসমূহ ৷