নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক
আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ৰাজ্যজুৰি সুধাকন্ঠ গৰাকীক স্মৰণ গুণমুগ্ধৰ ৷ গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰত সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি ৷
দেশত আৰম্ভ হ’ব দ্বিতীয় লানি কৃষক বিদ্ৰোহ
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা কৃষি আইন আৰু নতুন শক্তি বিধেয়ক 2020 ৰ বিৰোধিতাৰে দেশজুৰি আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ কৃষক আন্দোলন ৷ 5 নবেম্বৰত ৰাস্তা ৰোকো শীৰ্ষক চাৰি ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে 26 নবেম্বৰত ৰূপায়ন হ’ব দিল্লী চলো কাৰ্যসূচী ৷
চট্টিশগড়ত নতুন ঔদ্যোগিক নীতি প্ৰণয়ন
চট্টিশগড় চৰকাৰে ঘোষণা কৰিছে নতুন ঔদ্যোগিক নীতি ৷ নতুন নীতি অনুসৰি স্পঞ্জ আইৰণ আৰু ষ্টিল ক্ষেত্ৰত বিনিয়োগৰ বাবে ৰাজ সাহাৰ্যৰ পৰিমাণ বৃদ্ধি কৰিছে চট্টিশগড় চৰকাৰে ৷ ৰাজ সাহজ্যৰ পৰিমাণ 60 শতাংশৰ পৰা 150 শতাংশলৈ বৃদ্ধি ৷
মধ্যপ্ৰদেশত দিপাৱলীৰ ধামাকা দিব বিজেপিয়ে : শিৱৰাজ
মধ্যপ্ৰদেশ উপনিৰ্বাচনত 28 খন আসনত প্ৰায় 70 শতাংশ ভোটদান হোৱাৰ পাচত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বুধাবাৰে মত প্ৰকাশ কৰিছে যে, এই উপনিৰ্বাচনত ব্যাপক হাৰত ভোটদান হৈছে আৰু বিজেপিয়ে বিপুলভাৱে জয়লাভ কৰিবলৈ সক্ষম হ’ব ৷
উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ
অসম আৰু মেঘালয় ভ্ৰমণৰ পিচতেই ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ণ মালকাই পত্নী লিয়া মালকাৰ সৈতে আগৰতলাত উপস্থিত হয় ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ লগতে মুখ্য সচিব মনোজ কুমাৰৰ নেতৃত্বৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷