দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মন্ত্ৰী ভবেশ কলিতা
সোমবাৰে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কট্টাখাট, কানিকুছি আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷ ৰঙিয়া সমষ্টিত মন্ত্ৰী ভৱেশ কলিতাৰ কোনো প্ৰতিদন্দ্বী নাই বুলি মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই । আনকি ২০১৬ চনত যিমান ভোট পাইছিল তাতকৈ এইবাৰ দুগুণ ভোট পাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়: কৃপানাথ মাল্লাহ
নিৰ্বাচনী প্ৰচাৰ অভিযানত উত্তাল হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছে ৰাজনৈতিক নেতাই ৷ সোমবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে ৷
পশ্চিম বংগ নিৰ্বাচন:মমতাৰ বাবে কঠিন যুঁজ, কিন্তু জয়ে দিব পাৰে ৰাষ্ট্ৰীয় স্বীকৃতি
মমতা বেনাৰ্জী, যাক সাধাৰণতে তেওঁৰ সংগ্ৰামী সত্বাৰ বাবে সকলোতে জনা যায়; কিন্তু তেওঁ এতিয়া হুইল চেয়াৰত বহি বিজেপি বিৰোধী অভিযানৰ নেতৃত্ব দিয়া দেখা গৈছে । নিৰ্বাচন আয়োগৰ নিৰীক্ষণৰ পিছতো তেওঁৰ ওপৰত আক্ৰমণ কৰোৱা হৈছে, যাক বিজেপি আৰু নিৰ্বাচনী আয়োগে ইতিমধ্যেই অস্বীকাৰ কৰিছে।
নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
সোমবাৰে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাহৰকটীয়াৰ আচাবাম চাহ বাগিছাৰ খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষনেৰে আজমল তথা কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা ।
টিক টক প্ৰেমৰ পৰিণতি: মধ্য প্ৰদেশত উদ্ধাৰ ত্ৰিপুৰাৰ নাবালিকা
ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাৰ এগৰাকী নাৱালিকাক 3 মাহৰ অন্তত উদ্ধাৰ কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ৷ টিক টকৰ জৰিয়তে মধ্যপ্ৰদেশৰ এজন নাবালকৰ সৈতে প্ৰেমৰ পৰিণতিত পলাই গৈছিল তেলিয়ামুৰাৰ নাবালিকা গৰাকী ৷