অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Mar 22, 2021, 11:01 AM IST

আজি চিলাপথাৰত ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে

আজি ধেমাজি জিলাৰ চিলাপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ ১১৪ নং জোনাই সমষ্টিৰ বিজেপি মিত্ৰজোটঁৰ প্ৰাথী ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ এই প্ৰচাৰ সভাৰ বাবে চিলাপথাৰৰ ৰেচিডেন্সিয়েল খেলপথাৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যবস্থা ৷ প্ৰায় 30ৰ পৰা 40 হাজাৰ লোকৰ বাবে সাজু কৰি তোলা হৈছে সভাস্থলী ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৷

কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

‘পথ নাই ভোট নাই’ শ্ল’গানেৰে উত্তাল কমলপুৰৰ হাবেৰীকুৰাবাসীৰ ৷ আগন্তুত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই : প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰো ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰে দেওবাৰে অংশগ্ৰহণ কৰে এক নিৰ্বাচনী সভাত ৷ ৮১ নং লাহৰীঘাটত এইবাৰ কংগ্ৰেছৰ বাবে কোনো নাই প্ৰত্যাহ্বান ৷

পাঞ্জাৱৰ গুৰদাসপুৰত আটক এজন পাকিস্তানী লোক

দেওবাৰে পাঞ্জাৱৰ গুৰদাসপুৰ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰে এজন পাকিস্তানী লোকক ৷ লোকজনে অবৈধভাৱে সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷

জন প্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ বালিপৰাৰ মোলানপুখুৰীত

বালিপৰাৰ মোলানপুখুৰীবাসীয়ে আঁৰিলে ন' ৰ'ড ন' ভোট বেনাৰ ৷ পকী পথ নিৰ্মান নকৰা পৰ্যন্ত জনপ্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত ৷

বিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ

দেওবাৰে মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বিহালীত উপস্থিত হয় চি পি আই (এম এল) লিবাৰেচন দলৰ সৰ্বভাৰতীয় সম্পাদক দিপাংকৰ ভট্টাচাৰ্য, চি পি আই (এম এল) দলৰ কেন্দ্ৰীয় সদস্য মহম্মদ চেলিম, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ, প্ৰাক্তন বিধায়ক বৰ্ণবাস তাঁতি, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু প্ৰেমলাল গঞ্জু লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰণৱ চৌধুৰী ৷


অখিল গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন, সপোন হৈয়ে ৰৱ:শিবু মিশ্ৰ

দেওবাৰে কাকীত বিজেপিৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাই অংশগ্ৰহণ কৰা হোজাই জিলাৰ লামডিং সমষ্টিৰ বিজেপিৰ এক নিৰ্বাচনী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া

আৰক্ষীৰ জালত আগৰতলাৰ কুখ্যাত ড্ৰাগছ মাফিয়া নাহিদ মাফিয়া ৷ নাহিদৰ বাসগৃহত তালাছী চলাই প্ৰায় 10-12 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷

লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই : প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰো ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰে দেওবাৰে অংশগ্ৰহণ কৰে এক নিৰ্বাচনী সভাত ৷ ৮১ নং লাহৰীঘাটত এইবাৰ কংগ্ৰেছৰ বাবে কোনো নাই প্ৰত্যাহ্বান ৷

ৰঙাপৰাৰ সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

ৰঙাপৰাৰ কয়লাজুলিত সন্ধানহীন এন ডি এফ বিৰ নেতাৰ আদ্যশ্ৰাদ্ধ সম্পন্ন ৷ 18 বছৰে সন্ধানহীন এন ডি এফ বি দ্বিপেন দৈমাৰী ৷ থাইগাৰবাৰী গাঁৱৰ বাসগৃহত নিৰ্মাণ কৰা হয় এটি শ্বহীদ বেদী ৷

ABOUT THE AUTHOR

...view details