কৰ'ণাত আক্ৰান্ত গোলাঘাটৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী অজন্তা নেওগ
নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল গোলাঘাট সমষ্টিৰ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ ৷ জানিব পৰা মতে, শনিবাৰে কৰা কৰ'ণা ভাইৰাছৰ পৰীক্ষণত এই তথ্য পোহৰলৈ আহে ৷ বৰ্তমান গোলাঘাটতে হোম আইচ'লেশ্যনত ৰখা হৈছে বিজেপি প্ৰাৰ্থী অজন্তা নেওগক ৷
দলীয় কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
শনিবাৰে সন্ধিয়া নিজ সমষ্টি মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মাজুলীৰ ফুলনিত অনুষ্ঠিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনক লৈ দলীয় নেতা-কৰ্মীৰ উৎসাহ দেখি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল ৷ এই সভাতে কংগ্ৰেছৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰি বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়েও যোগদান কৰে বিজেপিত ৷
ৰাইজৰ টকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰ জনসভা
শনিবাৰে হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰৰ নিৰ্বাচন কেন্দ্ৰীক জনসভা অনুষ্ঠিত হয় ৷ এই বিশেষ সভাখন এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় ৷ কিয়নো প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে নিজ টকা খৰচ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাইজৰ দান-বৰঙনিৰে আয়োজন কৰা হৈছে এই সভা ৷
আত্মসহায়ক গোটক লৈ সজাগতা সভা বিশ্বনাথ জিলা প্ৰশাসনৰ
বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতামূলক পদক্ষেপ হিচাপে শনিবাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় । চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়স্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত মুঠ ১৬৪টা মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ এই সভাত দুই শতাধিক মহিলাক প্ৰদান কৰা হয় ইভিএম-ভিভিপেটৰ ব্যৱহাৰিক জ্ঞান ।
শূন্য আদালত: উচ্চ বিচাৰ বিভাগত ৪০ শতাংশ পদ খালী থকাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া বিলম্বিত হৈছে
ক’ভিড-১৯ অৰ কালচোৱাত আক্ষৰিক অৰ্থতে এক অচলাৱস্থাৰ গৰাহত পৰিব লগা হোৱা ভাৰতীয় ন্যায় প্ৰদান ব্যৱস্থাই ন্যায়াধীশ সকলৰ ব্যাপক অভাৱৰ সৈতে যুঁজিব লগা হৈছে ৷ যোৱাটো বৰ্ষলৈকে উচ্চতম ন্যায়ালয়কে ধৰি ২৫ খন উচ্চ ন্যায়ালয়ৰ বাবে অনুমোদিত মুঠ ১,০৮০ জন ন্যায়াধীশৰ ভিতৰত ৪৪১ টা অৰ্থাৎ প্ৰায় ৪০ শতাংশ পদেই পূৰণ নোহোৱাকৈ আছিল ৷