বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি
বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডাই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে ভৱেশ কলিতাক দায়িত্ব দিয়ে । ২০১৬ চনত সৰ্বানন্দ সোণোৱাল কেবিনেটৰ ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ।
মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন
ক'ভিড-১৯ ৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ আহি যেন নিজৰ ভৰিতে নিজে কুঠাৰ মাৰিছে একাংশ লোকে । মৰাণৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ লোকৰ ভীৰ । ক'ভিড প্ৰট'কল উলংঘন কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ হেতা-ওপৰা লগালে একাংশ লোকে ।
সততাৰ সন্মান: বৰছিং বে’ক আৰক্ষী কনিষ্টবল পদত নিযুক্তি
গৃহৰক্ষী জোৱান বৰছিং বে'ক হোমগাৰ্ডৰ পৰা কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অসম সচিবালয়ৰ প্ৰাংগণত বৰছিং বে'ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰছিং বে'ৰ আদৰ্শ, নিষ্ঠা, সততাৰ বিষয়ে প্ৰশংসা কৰি এনে কাৰ্য আনৰ বাবে অনুপ্ৰেৰণাৰ কাৰক বুলি উল্লেখ কৰে ।
চেলেংহাটৰ স্ব-গৃহত উপস্থিত অখিল গগৈ(AKHIL GOGOI)
সুদীৰ্ঘ ডেৰ বছৰৰ পিছত পুত্ৰক কাষত পাইছে মাতৃয়ে । কিমান বাৰ যে, পুত্ৰক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল তাৰ হিচাপ নাই । অৱশেষত ক্ষন্তেক সময়ৰ বাবে হ'লেও মনৰ আশা পূৰণ হ'ল অখিল গগৈ(AKHIL GOGOI)ৰ মাতৃ প্ৰিয়দা গগৈৰ । শনিবাৰে মাতৃৰ কাষত উপস্থিত হ'ল অখিল গগৈ ।
কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) তেওঁৰ কাৰ্যকালতে মাজুলীত সকলো বিভাগ (department)ক সামৰি এটা মিনি সচিবালয় নিৰ্মাণৰ সপোন দেখিছিল ৷ তেতিয়াই সচিবালয় নিৰ্মাণৰ বাবে 50 কোটি টকাৰ আৱণ্টন দিছিল । মাজুলীৰ গড়মুৰত এই সচিবালয় বনোৱাৰ স্থান নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰা হৈছিল ।