চীনক প্ৰত্যাহ্বান জনাবলৈ অৰুণাচল সীমান্তত সাজু ভাৰতীয় সেনা
ভাৰত-চীন সীমান্তৱৰ্তী লাচাৰ পৰা নিংচিলৈকে চীনে নিৰ্মাণ কৰা ৰে'লপথটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ জানিব পৰা মতে এই ৰে'লপথৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে চীনে ৷ প্ৰায় 4.8 বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে চীনে নিৰ্মাণ কৰা এই ৰে'লপথটো জুলাই মাহত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে ৷ ইয়াক কেন্দ্ৰ কৰি শংকাত ভূগিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অৰুণাচলৰ বিধায়ক নিনং এৰিঙে ৷
কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে বুলি জল্পনা-কল্পনা অব্যাহত আছে । তেওঁ দলৰ হাই কমাণ্ডৰ নিৰ্দেশত জ্যেষ্ঠ বিজেপি নেতাসকলক সাক্ষাৎ কৰিবলৈ ৰাজধানী দিল্লীত উপস্থিত হৈছে । অৱশ্যে সৰ্বানন্দ সোণোৱালে ইয়াক কেৱল এক সৌজন্যমূলক সাক্ষাৎ বুলিহে অভিহিত কৰিছে ।
‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ
কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিং আৰু নাই ৷ 91 বছৰ বয়সত কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা প্ৰাণ হেৰুৱালে দূৰন্ত শিখ গৰাকীয়ে ৷ মিলখা সিঙৰ বিয়োগত ইটিভি ভাৰতৰ তেওঁৰ জীৱন সম্পৰ্কত এইয়া এক চমু আলোকপাত...
'flying sikh' খ্যাত মিলখা সিঙৰ মৃত্যুত শোক প্ৰকাশ হিমা দাসৰ
কিংবদন্তি দৌৰবিদ মিলখা সিং(Milkha Singh) ৰ মৃত্যুত শোকাহত হৈ পৰিছে সমগ্ৰ দেশবাসী । সমগ্ৰ দেশৰ লগতে ধিং এক্সপ্ৰেছ হিমা দাসে 'উৰন্ত শিখ'(flying sikh) খ্যাত মিলখা সিঙলৈ জনালে অন্তিম শ্ৰদ্ধাঞ্জলি । টুইটযোগে খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি হিমা দাসে ৷
Baba Ka Dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক চিকিৎসালয়ৰ পৰা অব্যাহতি
অৱশেষত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে 'বাবা কা ধাবা'(Baba Ka Dhaba) ভোজনালয়ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক ৷ বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছতে চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কান্তা প্ৰসাদক ৷ বিগত বছৰত এগৰাকী ইউ টিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'(Baba Ka Dhaba)ই ।