হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : প্ৰথম দহটা স্থানত উজলিল 42 গৰাকী
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ মুঠ 42 কৃতী গৰাকী ছাত্ৰ ছাত্ৰী ৷ সৰ্বমুঠ-595 নম্বৰেৰে প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷
প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই
ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 ৰ ফলাফল ৷ সৰ্বমুঠ-595 নম্বৰেৰে প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই ৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান দখল ডিব্ৰুগড়ৰ অলংকৃতাৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ৷ অলংকৃতাই 600 নম্বৰৰ ভিতৰত সৰ্বমুঠ 594 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
তৃতীয় স্থানত জিলিকিল লখিমপুৰৰ নাৰায়নপুৰৰ দেবিস্মা প্ৰিয়া বৰা
লখিমপুৰ জিলাৰ মুঠ 5 গৰাকী ছাত্ৰ-ছত্ৰীয়ে লাভ কৰিছে স্থান ৷ সৰ্বমুঠ 591 নম্বৰেৰে তৃতীয় স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী দেবিস্মা প্ৰিয়া বৰাৰ
ভৱিষ্যতে চিকিৎসক হোৱাৰ মন সপ্তম স্থান দখল কৰা ঝলক ঝলনৰ
নগাঁও জিলাৰ পৰা 4 জন ছাত্ৰ ছাত্ৰীয়ে দখল কৰিছে স্থান ৷ মুঠ 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ চেইন্ট এণ্টনী ইংলিছ স্কুলৰ ছাত্ৰী ঝলক ঝলনে ৷