ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে
ৰাজ্যসভাৰ সাংসদ ৰূপে শপত গ্ৰহণ নৱ নিৰ্বাচিত সাংসদ সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানৰ ৷ সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে তামিল ভাষাত শপত লয় এল মুৰুগানে ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সন্দেহজনক লোকৰ বেদখল
গৰুখুটিত চলা শেহতীয়া উচ্ছেদ অভিযানক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে শুকুৰবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধভাৱে বসতি কৰি থকা দহটা পৰিয়ালক উচ্ছেদ কৰিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰক্ষী দলে ৷
শ্বেৰমান আলীৰ মন্তব্যত উত্তপ্ত হৈছে ৰাজ্য
গৰুখুটিৰ ঘটনাৰ সৈতে পুনৰ উত্থাপিত হৈছে জুইয়ে পোৰো 83 ৰ ইতিহাস ৷ 83 ৰ আন্দোলনৰ বীৰ শ্বহীদ দয়ানাথ শৰ্মা আৰু আন সকলক ঘাতক আখ্যা দি বিপদত পৰিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী ৷
অসম আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষাত ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ কৰি আটক দুই যুৱক
অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ পৰীক্ষাত ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ অভিযোগত দুই যুৱকক আটক কৰে যোৰহাট আৰক্ষীয়ে ৷ আটকাধীন দুই যুৱকৰ নাম ক্ৰমে, পাৰ্থ মজুমদাৰ আৰু বিকাশ নাগবংশী ৷ উচ্চতৰ মাধ্যমিকৰ ভুৱা চাৰ্টিফিকেট ব্যৱহাৰ কৰিছিল দুই যুৱকে ৷
উপ-নিৰ্বাচন : কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত হাইকামাণ্ডে মাৰিব মোহৰ
অসম জাতীয় পৰিষদে কেৱল উপ-নিৰ্বাচনক লক্ষ্য কৰি বিৰোধী শিবিৰৰ মাজত সমন্বয় স্থাপনৰ প্ৰয়াস চলোৱা নাই ৷ বৰং আসন্ন লোকসভা নিৰ্বাচনৰ ওপৰতো সমানে দৃষ্টি ৰাখিছে ৷