অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 5 PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Sep 8, 2020, 6:22 PM IST

Updated : Sep 8, 2020, 8:05 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ নেতৃত্বত আছুৰ এটি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় ৷

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তিনিটাকৈ তদন্তকাৰী সংস্থা ক্ৰমে চিবিআই, ই ডি আৰু এন চি বিয়ে পৃথক পৃথক দৃষ্টিকোণৰ পৰা তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ড্ৰাগছ এংগেলত এন চি বিয়ে এই ঘটনাৰ তদন্ত চলাই আছে ৷ এন চি বিয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে ৰিয়া চক্ৰৱৰ্তীক ৷

অগপৰ সভাপতি নিৰ্বাচনত আদালতৰ স্থগিতাদেশ

অসম গণ পৰিষদৰ সভাপতি পদত অতুল বৰা নিৰ্বাচিত হোৱা সিদ্ধান্তত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে স্থগিতাদেশ জাৰি কৰে। যোৱা ২৭ আগষ্টত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ অধিৱেশন অবৈধ বুলি ঘোষণা কৰে আদালতে ।

কৰ’ণাৰ ওচৰত হাৰ মানি কৰুণ মৃত্যুক সাৱটিলে ডাঃ তুলিকা গোস্বামীয়ে

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে প্ৰাণঘাতী কৰ’ণাই । Covid-19 মহামাৰীৰ সংহাৰত প্ৰাণ গৈছে সাধাৰণ লোকৰ লগতে কেইবাগৰাকীও চিকিৎসকৰ । কৰ’ণাৰে যুঁজি অৱশেষত হাৰ মানিলে বিশিষ্ট স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ ডাঃ তুলিকা গোস্বামীয়ে ৷

অন্ত পৰিল ১০৪ দিনীয়া উৎকণ্ঠাৰ, নুমাল বাঘজানৰ জুই !

অইল কৰ্তৃপক্ষই মঙলবাৰে বাঘজানৰ এই জুই এক পদ্ধতিৰে নুমুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে যদিও স্থানীয় ৰাইজে এই কথা মানি লোৱা নাই । কাৰন মুল খাদৰ জুই নুমুৱাবলৈ গৈ অইলে আন দুই ঠাইৰে গেছ নিৰ্গমন কৰাবলৈ বাধ্য হৈছে ।

শুৰপোকৰ আক্ৰমণত নষ্ট বিঘাই বিঘাই সেউজীয়া কৃষিভূমি

বাৰিষাৰ অন্ত পৰাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে শুৰপোকৰ আক্ৰমণ ৷ উজনি অসমৰ শিৱসাগৰ জিলাত এতিয়া শুৰপোকৰ আক্ৰমণত নষ্ট হৈছে বিঘাই বিঘাই কৃষিভূমি ৷

সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে: পৰিমল শুক্লবৈদ্য

ধেমাজি জিলাৰ চিমেন চাপৰিত সাহিত্য মনীষী উপবন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে বুলি কৌশলগতভাৱে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

ব্য়তিক্ৰমী ৰূপত উদযাপন হ'ল সুধাকণ্ঠৰ জন্মদিন

ক'ভিড-19 ৰ ভয়াৱহতাৰ মাজতো আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ হলেও পালন কৰা হৈছে ৷ ৰঙিয়াৰ এগৰাকী অনুৰাগীয়ে নিজ বাসগৃহতেই ব্যতিক্ৰমী প্ৰচেষ্টাৰে পালন কৰিলে সুধাকণ্ঠৰ জন্মদিন ৷

55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

সুদীৰ্ঘ 55 বছৰৰ মুৰত পুনৰ মুকলি ফেৰী ঘাট । যোৰহাটত এই ঘাট মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ককিলামুখ আৰু কাৰ্তিক চাপৰিৰ মাজত চলিব এই নতুন ফেৰী সেৱা ৷ উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলবাসীৰ সৈতে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং ৷

বিজেপিৰ আই টি চেল দুৰ্বৃত্তত পৰিণত হৈছেঃ সুব্ৰমণিয়ন স্বামী

স্বামীয়ে সোমবাৰে এটা টুইটত উল্লেখ কৰে যে, বিজেপিৰ আই টি ছেলটো দুৰ্বৃত্তৰ দৰে হৈছে আৰু ইয়াৰে কিছুমান সদস্যই মোৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰাৰ বাবে নকল আই ডিৰে টুুইট কৰিছে ।

Last Updated : Sep 8, 2020, 8:05 PM IST

ABOUT THE AUTHOR

...view details