বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ
চিৰাঙৰ কাশিকত্ৰাত ৰাইজে খোৱাপানীৰ নামত গ্ৰহণ কৰিছে নলাৰ পানী ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷
বটদ্ৰৱাত পথ দুৰ্ঘটনাত নিহত শিক্ষক
সোমবাৰে বটদ্ৰৱাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ নগাঁও-ধিং গড়কাপ্টানি পথৰ বকুলতলত বিপৰীত দিশৰ পৰা আহি থকা AS-02 N-6512 আৰু AS-02 G-0518 নম্বৰৰ দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত নিহত হয় এগৰাকী শিক্ষক ৷
বিহাৰৰ মেগা পুল প্ৰকল্প সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ কেন্দ্ৰৰ
বিহাৰত গংগা নদীত আৰম্ভ কৰা এক মেগা পুল প্ৰকল্প মহাত্মা গান্ধী সেঁতুৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে । কাৰণ এই প্ৰকল্পত চীনা কোম্পানীও জড়িত হৈ আছে ।
বৰপেটাত বানৰ কবলত 1,35,415 গৰাকী লোক
বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত সন্মুখীন বৰপেটাৰ 395 খন গাঁৱৰ প্ৰায় 1,35,415 গৰাকী লোক ৷ বানাক্ৰান্তৰ মাজত সোমবাৰে উপস্থিত হৈ মনৰ বুজ লয় জিলা আমছুৰ বিষয়ববীয়াৰ লগতে এআইইউডিএফ ৰ যুৱ নেত্ৰী মীনাক্ষী ৰহমানে ৷
বিমলা বসুমতাৰী হত্যাকাণ্ডঃ স্বামীয়ে ঘাতকক দিছিল ৩০ হাজাৰ টকা
অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিলে বিমলা বসুমতাৰী হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন লোকক ৷ জিলাখনৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা তথ্য অনুসৰি, বিমলা বসুমতাৰীৰ হত্যাৰ আঁৰত আছিল মহিলাগৰাকীৰ স্বামী ছাতিৰাম বসুমতাৰী , চিৰাং জিলাৰ ১ নং শান্তিপাৰাৰ গাঁৱৰ গাইডাং মুছাহাৰী(৪৮), বুথংগা বসুমতাৰী(৪৮)আৰু পুব টাৰাইবাৰী গাঁৱৰ ৰবীন বসুমতাৰী ৷