বান : জলমগ্ন ৰাজ্যৰ 37 টা ৰাজহ চক্ৰৰ 554 খন গাঁও
ৰাজ্যত ক্ৰমে ভয়াবহৰূপ ধাৰণ কৰিছে বছৰৰ বানে ৷ বানত জলমগ্ন হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, কোকৰাঝাৰ, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলি, শিৱসাগৰ, ডিব্ৰুগড়ৰ, তিনিচুকীয়াৰ বিস্তীৰ্ণ অঞ্চল ৷
মোজাম্মিল হকৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ
নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড । অপহৰণত জড়িত দুই যুৱকক আৰক্ষীয়ে আটক কৰি উদ্ধাৰ কৰে অপহৃতক ৷ অপহৰণকাৰীদ্বয়ে এগৰাকী যুৱকক অপহৰণ কৰাৰ পিছতে ধন দাবী কৰিছিল পৰিয়ালৰ লোকক ৷
গালৱান উপত্যকাত শ্বহীদ হোৱা সৈনিকলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি
ভাৰত-চীন সীমান্তৰ গালোৱান উপত্যকাত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ গৈ চীনা সৈন্যৰ হাতত শ্বহীদ বৰণ কৰিবলগীয়া হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহযোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে ৷
বিহাৰৰ এগৰাকী IAS বিষয়াই লাভ কৰিলে প্ৰথম জম্মু-কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ
নবীন কুমাৰ চৌধুৰীৰ উপৰিও আন ২৫০০০ লোকৰ বাবে জম্মু-কাশ্মীৰৰ আৱাসিক প্ৰমাণপত্ৰ জাৰি কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰে। এইপৰ্যন্ত আৱাসিক প্ৰমাণপত্ৰৰ বাবে মুঠ ৩৩,১৫৭ গৰাকী লোকে আৱেদন জনাইছে।
বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ হাজাৰটকীয়া বিল
হাইলাকান্দিত শক্তি বিভাগৰ আজৱ কাণ্ড । বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ প্ৰেৰণ কৰিলে হাজাৰ টকাৰ বিদ্যুতৰ বিল ৷ বিষয় প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰে ৷