আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী ৷ ক'ভিড-19 প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মান প্ৰক্ৰিয়াৰ ব্যক্তিগত সমীক্ষা কৰাৰ উদ্দেশ্যে আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী
বিটিচি নিৰ্বাচনৰ প্ৰাক ক্ষণত ২৬ নং দৰঙাজুলি সমষ্টিত দলীয় প্ৰাৰ্থী বিজিৎ গৌৰা নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অঞ্জলী দৈমাৰীৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিঞৰ-বাখৰ কৰি মুখত যি আহে তাকেই কৈছে বুলি মন্তব্য নেত্ৰীগৰাকীৰ ।
আঘোণৰ পথাৰত চিনাকী দাৱনীজনী নাইকিয়া হোৱাৰ পথত...
আঘোণৰ পথাৰত জাক জাক দাৱনীৰ বিপৰীতে দিখৌমুখৰ ভৰলুৱা পথাৰত ৰেপাৰ মেচিনেৰে কাটিছে ধান ৷ কিয়নো কম খৰচ, কম সময় আৰু কষ্ট লাঘৱ কৰিব পৰাকৈ আঘোণৰ পথাৰত এতিয়া ৰেপাৰ যন্ত্ৰই চপাব সোণগুটি ।
জুইৰ লেলিহান শিখাত ভষ্মীভূত কৃষকৰ ঘৰ
জুইৰ লেলিহান শিখাত সম্পূৰ্ণৰূপে ভস্মীভূত চিৰাঙৰ এগৰাকী কৃষকৰ ঘৰ ৷ প্ৰয়োজনীয় নথি পত্ৰৰ লগতে জুইত জাহ গ'ল খেতিৰ ধান ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ড সংঘটিত হয় ৷
লালুকত বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
শনিবাৰে লখিমপুৰৰ লালুকত ‘কা’ বাতিলৰ লগতে বিভিন্ন সমস্য়া সমাধানৰ দাবীৰে সদৌ অসম লালুক আঞ্চলিক ছাত্র সন্থাৰ প্ৰতিবাদ ৷ আনহাতে ‘কা’ সন্দৰ্ভত দুমুখীয়া স্থিতি লোৱা অগপ দলৰ নেতৃত্বক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷