অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 1, 2021, 11:00 AM IST

কৰিমগঞ্জত পথ দুৰ্ঘটনা আহত পাঁচজন

মঙলবাৰে ৰাতিপুৱা কৰিমগঞ্জৰ নন্দপুৰৰ পৰা গৈ থকা এখন বলেৰ' বাহন দুৰ্ঘটনাত পতিত হয় ৷ দ্ৰুত গতিত গৈ থকা অৱস্থাত বাহনখন ডিভাইদাৰত খুন্দা মৰাত পঞ্চাশ মিটাৰ দূৰত চিটিকি পৰে ৷ যাৰ ফলত বাহনখনত থকা পাঁচ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

মুকালমুৱাত বজ্ৰপাত পৰি গুৰুতৰ ভাৱে আহত কিশোৰী

মুকালমুৱাৰ জয়সাগৰত বজ্ৰপাত পৰি গুৰুতৰ ভাৱে আহত এগৰাকী কিশোৰী । সংকট জনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে আহত কিশোৰী গৰাকীক ৷

শিৱসাগৰত মেঘ বিস্ফোৰণ

মহাজগতৰ বিস্ময়কৰ পৰিঘটনাৰ সাক্ষী হৈ ৰল জেৰেঙা পথাৰ ৷ আকাশৰ বুকুৰপৰা সৰি পৰিল এচমকা ডাৱৰ ৷ এই পৰিঘটনাটোৰ সন্দৰ্ভত যোৰহাট তাৰকাগৃহৰ বিষয়া তথা জ্যোতিবিজ্ঞানী ড: প্ৰণৱ চেতিয়াই এই পৰিঘটনাটোক ট'ৰনাডো বুলি অভিহিত কৰিছে । ভাৰতবৰ্ষত এনধৰণৰ ট'ৰনাডো অতি কমেই দেখিবলৈ পোৱা যায় বুলি মন্তব্য কৰিছে জ্যোতিবিজ্ঞানী গৰাকী ৷

৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ প্ৰক্ৰিয়া । ৪৫-৬০ বছৰ বয়সৰ লোকৰ টীকাকৰণৰ(VACCINATION) ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে ত্ৰিপুৰা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ।

চাৰিদুৱাৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত প্ৰতিদিনেই উৎখাত হৈছে ড্ৰাগছৰ ঘাটি ৷ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰাৰ লগতে আটক কৰিছে বহু সংখ্যক ড্ৰাগছৰ ব্যৱসায়ী আৰু সৰবৰাহকাৰী ৷ ইয়াৰ মাজতে ভালুকপুঙতো চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক ।

চিৰাঙত অক্সিজেন উৎপাদন প্ৰকল্প

বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হ'ব চিৰাঙৰ কাজলগাঁৱৰ অক্সিজেন উৎপাদন প্ৰকল্প(Oxygen production plant) । জে এছ বি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হৈছে এই প্ৰকল্পটো । লগতে নিৰ্মাণ কৰা হৈছে ৩০টা আই চি ইউ(ICU) কক্ষ ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য

বৰপেটাত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৫,৭০০ গৰাকীলৈ বৃদ্ধি ৷ ইপিনে জিলাখনত ৩,৪৫৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷ সোমবাৰৰ দিনটোত বৰপেটাত চিকিৎসাধীন ৰোগীৰ সংখ্যা ২,১০৬ গৰাকী ৷ ইয়াৰ বিপৰীতে নলবাৰীত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 5,193 গৰাকী ৷ সোমবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 84 গৰাকী ৷ জিলাখনত বৰ্তমান আক্ৰান্ত হৈ আছে 1,401 গৰাকী লোক ৷ হোম আইচ’লেচনত আছে 1,167 গৰাকী ৷

সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিৰূপ তথা আপত্তিজনক মন্তব্য কৰিছিল মোল্লা ইমৰান নামৰ এগৰাকী যুৱকে ৷ এই লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে মোল্লা ইমৰান নামৰ যুৱক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু নেতা তবিবৰ ৰহমানেও ৷

ত্ৰিপুৰাত ধণেশ পক্ষীৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ বন বিভাগৰ

প্ৰজননৰ সময়ত ধণেশ পক্ষীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছ ত্ৰিপুৰা বন বিভাগে । তেলীয়ামুৰা আৰু কল্যাণপুৰৰ বহু স্থানত জনাঞ্চলত থকা গছতে বাহ সাজিছে ধণেশ পক্ষীয়ে(HORNBILL) । সেয়ে পক্ষীবোৰৰ সুৰক্ষাৰ বাবে বন বিভাগে পৰ্যবেক্ষক হিচাপে কেইবাগৰাকীও স্বেচ্ছাসেৱকক নিয়োজিত কৰিছে ।

মৈৰাবাৰী বজাৰত চোৰৰ লুটপাট অব্যাহত

মৰিগাঁৱৰ মৈৰাবাৰী বজাৰত অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ শেহতীয়াকৈ বজাৰখনৰ এখন সোণাৰীৰ দোকানত সংঘটিত হৈছে চুৰি কাণ্ড ৷ ইফালে, অঞ্চলটোৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন গোটাব নোৱাৰি এনেদৰে চুৰিকাৰ্যত লিপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ৷

ABOUT THE AUTHOR

...view details