SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ
আজি অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুৰাগীসকলৰ লগতে বলীউডৰ অন্য তাৰকাসকলেও জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে বলীউডৰ প্ৰয়াত তাৰকাগৰাকীক ব্যতিক্ৰমী ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰাঙৰ এজন যুৱকে ৷
ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট
ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) দেওবাৰে ৬০-৫৯ টা ভোটৰ ব্যৱধানত নাফটালি বেনেটেক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইয়াৰ পূৰ্বে বেঞ্জামিন নেতানিয়াহুৱে প্ৰায় 12 বছৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু
মিলখা সিঙৰ পত্নী নিৰ্মলা কৌৰ(Nirmal Kaur) ক’ভিড 19 ত(COVID 19)ত আক্ৰান্ত হোৱাত 26 মে’ত ম’হালিৰ ফৰ্টিচ চিকিৎসালয়ত(Fortis Hospital Mohali) ত ভৰ্তি কৰা হৈছিল ৷
নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
দেওবাৰে তিনিচুকীয়াত নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগে আৱণ্টন দিয়া ১৮ কোটি টকীয়া মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য বৰ্ধনৰ কাম ৷
নগাঁৱৰ ৰাঙলুত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
দেওবাৰে নিশা ৰাঙলু আৰক্ষী আৰু কঠিয়াতলীৰ বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ ৰাঙলুৰ জাকিৰ হুছেইন নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা জব্দ হোৱা কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷