গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা অব্যহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ নুমলীগড়ৰ সমীপৰ মৰঙি চাহ বাগিচাত দেওবাৰে দেখা গ’ল তেনে এক দৃশ্য ৷
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷
বিগত দুটা সপ্তাহত নগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আপত্তিজনক নথি পত্ৰৰ লগতে বহু লাখ টকা ৷
গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ বাবে দেওবাৰে নিজৰ হাতৰ ধন ভাঙি হাতে হাতে দা-কোৰ লৈ ওলাই আহিল ভৱানীপুৰ সমষ্টিৰ কাটলা পথাৰ গাঁৱৰ ৰাইজ ৷ অঞ্চলটোৰ লোকে নিজে বাহৰ পাৰ্কুপাইন দি কেইবা ঠাইত শ্ৰমদান কৰি পহুমাৰা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে ৷
দেওবাৰে নিশা জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা লগতে মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।
ম্যানমাৰত ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পিছত দেশখনত এতিয়ালৈকে কমেও ৮৪০ গৰাকী লোক নিহত হৈছে ৷ সামৰিক অভিযানৰ পিছৰে পৰা হাজাৰ হাজাৰ লোকক ৰাজপথত দেখা গৈছে ৷ কিয়নো দেশখনত গণতন্ত্ৰৰ বাবে আজিও সংগ্ৰাম অব্যাহত আছে ৷
কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই আন আন ক্ষেত্ৰৰ দৰে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ কৃষি খণ্ডৰ লগতে পশু পালকসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই হাঁহ-কুকুৰাপালক সকলো চিন্তিত হৈ পৰিছে পশুধনকলৈ ৷
ড্ৰাগছৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ দেওবাৰেও ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই এজন লোকক আটক কৰাৰ লগতে এখন মটৰ চাইকেল জব্দ ৷
শনিবাৰে আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱালৈ শান্তি আলোচনাৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে ৷ কিন্তু এই পত্ৰ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে আলফা (স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই ৷ দেওবাৰে কোনো এক অজ্ঞাত স্থানৰ পৰা পৰেশ বৰুৱাই ইটিভি ভাৰতলৈ ফোন কৰি কয় যে, পত্ৰখন জেনেভাৰ পৰিৱৰ্তে মুম্বাইৰ পৰা প্ৰেৰণ কৰা হৈছে ৷
ক'ভিড পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে জাৰী কৰা নিৰ্দেশনাৰ ফলত বিশেষভাৱে ক্ষতি হৈছে চেলুন, পদ পথৰ ব্যৱসায়ী, বাচন-বৰ্তন নিৰ্মাণ, লোহাৰ সামগ্ৰী নিৰ্মাণ আদিৰ সৈতে জড়িত লোক সকল ৷ একেই অৱস্থাৰ সন্মুখীন হৈছে মাটিৰ পাত্ৰ আদি নিৰ্মাণ কৰা কুমাৰ সকলো ৷ বাক্সাৰ শালবাৰীৰ ৰাজাবিল গাঁৱৰ মৃট শিল্পকাৰী সকলে বজাৰৰ অভাৱত নিজ হাতে তৈয়াৰ কৰা টেকেলী,খোলা,কলহ সমূহ বিকিব নোৱাৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে । এনে পৰিস্থিতিত কাল অমানিশা নামি আহিছে ৰাজ্যৰ মৃৎ শিল্পী সকলৰ জীৱনলৈ ৷