অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...
11 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 30, 2021, 11:02 AM IST

চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল

বিজেপি নেতা পৰশুৰাম চতুৰ্বেদীয়ে ইটিভি ভাৰতৰ সংবাদদাতা উমেশ পাণ্ডেৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ ৷ বক্সাৰ জিলাত একে কেইখন এম্বুলেঞ্চকে চতুৰ্থবাৰৰ বাবে উদ্বোধন কৰা সন্দৰ্ভত বাতৰি পৰিৱেশন কৰাৰ বাবে সংবাদদাতাজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷

কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

নগাঁৱৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আয়োজন কৰে এখন জৰুৰী পৰ্যালোচনা বৈঠক ৷ নগাঁও জিলাৰ স্বাস্থ‍্য বিভাগ, প্ৰশাসন, আৰক্ষী প্ৰশাসন, জনস্বাস্থ‍্য কাৰিকৰী, শ্ৰম বিভাগ আদিৰ বিষয়াসকলৰ লগতে বিভিন্ন দল সংগঠন উপস্থিত থাকে এই বৈঠকখনত ৷

পশ্চিম দুৰামাৰিত ভূমি বিবাদ : আহত গাঁওবুঢ়াসহ চাৰিজন

কোকৰাঝাৰৰ পশ্চিম দুৰামাৰিত ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘাত ৷ শনিবাৰে কোকৰাঝাৰ জিলাৰ পশ্চিম দুৰামাৰিত নৈৰ কাষৰ এখন চৰণীয়া পথাৰত মাটি চহোৱাক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় ৷ সংঘাতৰ ফলত দুৰামাৰিৰ 2নং থালিটবাৰী গাঁৱৰ গাঁওবুঢ়াসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয় ৷

সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদ

মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰ আৰু মাহৰা আধাৰ সত্ৰৰ সন্মুখত ৰাজহুৱা শ্মশান নিৰ্মাণক লৈ তীব্ৰ প্ৰতিবাদ বৈষ্ণৱৰ । এই সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান মাজুলীবাসীৰ ৷ এই সন্দৰ্ভত উচিত তদন্তৰ দাবীত সত্ৰাধিকাৰসকলে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷

মাৰ্ঘেৰিটাৰ কয়লাখনিত লোহা চোৰৰ উপদ্ৰৱ

মাৰ্ঘেৰিটা মহকুমাত বৃদ্ধি পাইছে লোহা চোৰৰ উপদ্ৰৱ । একাংশ স্থানীয় লোকৰ সহযোগত এতিয়া দীৰ্ঘদিনে বন্ধ হৈ থকা কয়লাখনিসমূহ এফালৰ পৰা উদং কৰিছে এচাম অসৎ লোহা বেপাৰীয়ে ।

ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰশংসা ৰকিবুল হুছেইনৰ

শনিবাৰে বিধায়ক ৰকিবুল হুছেইনসহ নগাঁও জিলা কংগ্ৰেছৰ এটা সজাতি দলে বঢ়মপুৰ, কন্দলি, শগুণবাহী, ভেৰভেৰী, কামপুৰ আদি অঞ্চলৰ কণ্টেইনমেণ্ট জ'নৰ আবাসীসকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে কণ্টেইনমেণ্ট জ'নৰ আবাসীসকলক মাস্ক, চেনিটাইজাৰ, প্ৰয়োজনীয় ঔষধ পাতি বিতৰণ কৰে নগাঁও জিলা কংগ্ৰেছৰ দলটোৱে । সংবাদমেল সম্বোধন কৰি ৰকিবুল হুছেইনে মন্তব্য প্ৰকাশ কৰে যে, বিগত কেইদিনত তেওঁ জিলাখনৰ বিভিন্ন স্থানৰ চিকিৎসালয়সমূহ পৰিভ্রমণ কৰে আৰু বিভিন্নজনে চিকিৎসালয়সমূহত নিয়মীয়াকৈ চিকিৎসক উপস্থিত নথকাৰ অভিযোগ কৰিছে ।

জোনাই আৰক্ষীৰ অভিযানত জব্দ ৭১.৮৮ গ্ৰাম ব্ৰাউন চুগাৰ

জোনাইত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লাইমেকুৰীত ড্ৰাগছ ভৰ্তি ৫ টা কণ্টেইনাৰ আৰু ৭১.৮৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে জোনাই মহকুমা আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এজন ড্ৰাগছ ব্যৱসায়ী আৰু দুজন আসক্তক আটক কৰিছে আৰক্ষীয়ে

নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত

শনিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভাৰতীয় জনতাৰ পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰৰ যোগেদি চিকিৎসালয়খনৰ ব্লাড বেংকত প্ৰায় 20 গৰাকীতকৈ অধিক সদস্যই ৰক্তদান কৰে ৷

শিৱসাগৰত দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত এজন

শিৱসাগৰ টাউন ৰে’লৱে ষ্টেচনত দ্ৰুতবেগী নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত এজন ব্যক্তি ৷ ৰে'লৰ খুন্দাত নিহত হোৱা ব্যক্তিজনৰ পৰিচয় সন্দৰ্ভত ৰে’লৱে আৰক্ষীয়ে লাভ কৰা কোনো তথ্য ৷

মহানগৰীৰ গড়চুকত ড্ৰাগছসহ আটক তিনি

মহানগৰী গুৱাহাটীৰ গড়চুকতো ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ তিনিজনক আটক । দহটা কণ্টেইনাৰ, নিচাযুক্ত ঔষধ আৰু নগদ ৯,৮৯০ টকা উদ্ধাৰ ।

ABOUT THE AUTHOR

...view details