ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷
সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ
২০১৯ চনৰ পৰা এই পথচোৱাৰ দায়িত্ব বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে হাতত লোৱাৰ পিছতে ক্ষীপ্ৰ গতিত কাম আৰম্ভ হৈছে । চেলা পাছৰ পৰা মুঠ 9 কিলোমিটাৰ দৈঘ্যৰে সুৰংগৰ প্ৰথম অংশ আৰু বৈশাখি অঞ্চলৰ পৰা প্ৰায় 7 কিলোমিটাৰ দৈঘ্যৰে নিৰ্মাণ কৰা হৈছে দ্বিতীয় অংশ ।
নাৰদা গোচৰ: আজি আদালতত চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি
নাৰদা কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দালৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰিব ৷
কি সিদ্ধান্ত ল’লে নতুন মন্ত্রীসভাৰ তৃতীয়খন কেবিনেটে ?
এতিয়াৰে পৰা প্ৰতি মাহৰ ১০ তাৰিখে কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ২৫০ টকা ১৩ লাখ, ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ৩০০ টকা ১.৭০ লাখ আৰু দীনদয়াল দিব্যাংগ আঁচনিৰ ১০০০ টকা ১.৬০ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব । এতিয়াৰে পৰা চাৰিখন জিলাক সামৰি বি টি আৰৰ বাবে পৃথক বড়োলেণ্ড কল্যান বিভাগ হ'ব । সেইদৰে কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব ।
অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন
মোডী চৰকাৰৰ জনপৰিপন্থী নীতিৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমতো ক'লা দিৱস পালন । গুৱাহাটী ক্লাৱৰ উপৰি মহানগৰীৰ ঠায়ে ঠায়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি ঠিয় হৈ আৰু হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয় ।