ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে
বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু ৷ কৰ’ণাত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল বিপিএফৰ বিধায়ক গৰাকী ৷
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷
ওড়িশাত ঘণ্টাত 12 কিল’মিটাৰ বেগেৰ আহি আছে য়াছ
ওড়িশাৰ ধামৰাৰ পৰা 60 কিল’মিটাৰ দূৰত্বত সাগৰপৃষ্ঠত অৱস্থান ঘূৰ্ণী বতাহ য়াছৰ ৷ সম্প্ৰতি ঘূৰ্ণী বতাহৰ চলাচল প্ৰতি ঘণ্টাত প্ৰায় 12 কিল’মিটাৰ বেগত গতি কৰিছে ৰাজ্যখনত ৷ এই ঘূৰ্ণীৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ আশংকা কৰা হৈছে ৷ বুধবাৰে পুৱা প্ৰায় 10-11 বজাত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় 130 কিল’মিটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
বিশাখাপট্টনমৰ এইচপিচিএল প্ৰকল্পত অগ্নিকাণ্ড
বিশাখাপট্টনমৰ এইচপিচিএল শোধনাগাৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ড ৷ পূৰ্বে বিশাখাপট্টনমত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডসমূহৰ ভিতৰত এয়া অন্যতম বুলি বিবেচিত হৈছে ৷
উত্তৰ-পূৱতো পৰিব ঘূৰ্ণীবতাহ য়াছৰ প্ৰভাৱ
তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱ 26 আৰু 27 মে’ত উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইতিমধ্যে যাছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবলগীয়া অঞ্চলসমূহত লবলগীয়া সতৰ্কতামূলক নিৰ্দেশাৱলী জাৰি কৰি সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷