গুৱাহাটী, ১৬ আগষ্ট:ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । মহানগৰীৰ আলিয়ে গলিয়ে চলিছে এতিয়া চোৰৰ উপদ্ৰৱ । বৃদ্ধৰ পৰা একাংশ কিশোৰ নামি পৰিছে চৌৰ্যবৃত্তিত । একপ্ৰকাৰে আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে চোৰ ।
বুধবাৰে পুৱাই পুনৰ চানমাৰি আৰক্ষীৰ জালত পৰিল এটা চোৰ । মহানগৰীৰ গান্ধীবস্তিৰ এটা বাসগৃহত পানীৰ মটৰ খুলি থাকোঁতে হাতে-লোটি ধৰা পৰে চোৰটো । ধৃত চোৰটোৰ আনুমানিক বয় প্ৰায় ১৭ বছৰ বুলি জানিবপৰা গৈছে । চানমাৰি ৰেল লাইনৰ সমীপত সংঘটিত হৈছে এই ঘটনা । লক্ষণীয়ভাৱে ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে আছে সাংসদ পল্লৱ লোচন দাসৰ বাসগৃহও ।
উল্লেখযোগ্য যে চানমাৰী তথা গান্ধীবস্তিৰ এই ঘটনাই প্ৰথম নহয় । স্থানীয় লোকৰ অভিযোগ অনুসৰি গান্ধীবস্তি ৰাজগড় প্ৰায়বোৰ অঞ্চলত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰিকাণ্ড । আনহাতে এই সন্দৰ্ভত আৰক্ষীক প্ৰায়ে স্থানীয় লোকে অভিযোগ কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল পোৱা নাই বুলি জানিবপৰা গৈছে ।