অসম

assam

ETV Bharat / state

মোদীৰ ৬ বছৰত অসমে কি পালেঃ তৰুণ গগৈ

সংবাদমেল সম্বোধন কৰি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ মোদীৰ সভাত পশ্চিম বংগ,ভূটান,নেপালৰ পৰাও মানুহ আনিছে বিজিপিয়ে ৷ নাগৰিকত্ব সংশোধনী আইন অসমত বলবৎ কৰিম বুলি কোৱা কথাই প্ৰমাণ কৰিছে অসমৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতাৰ কথা ৷

bbfbgfvbgfb
মোদীৰ সভাত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে : তৰুণ গগৈ

By

Published : Feb 9, 2020, 3:13 AM IST

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : শনিবাৰে এক সংবাদমেল সম্বোধন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ কোকৰাঝাৰত উপস্থিত হৈয়ে মোদীয়ে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিম বুলি যি মন্তব্য কৰিছিল সেইটোৱে প্ৰমাণিত কৰিলে যে অসমৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ দায়বদ্ধতা নাই । প্রধানমন্ত্ৰীয়ে কেৱল ঘৰিয়ালৰ চকু পানী হে টুকে । উত্তৰ-পূৱলৈ শান্তি আৰু প্ৰগতি আহিছে বুলি মোদীয়ে কোৱা কথাটোও মিছা বুলি সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

নাগৰিকত্ব সংশোধনী আইন আনি বিজেপি চৰকাৰে অসমলৈ অশান্তি আনিছে আৰু বিজিপিয়ে আন্দোলনকাৰীক দেশদ্ৰোহী বুলি ক'ব বিচাৰিছে ৷ অসমৰ জুই কুৰা নুমোৱাৰ পৰিৱৰ্তে, অসমৰ জনমতক সন্মান জনোৱাৰ পৰিৱৰ্তে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিম বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত ক’লে বুলি উল্লেখ কৰে গগৈয়ে ।

মোদীৰ সভাত পশ্চিম বংগ , ভূটান, নেপালৰ পৰাও মানু আনিছে বিজিপিয়ে : তৰুণ গগৈ

‘কা’ ৰ দ্বাৰা বিজেপিয়ে ১৯৭১ চনৰ ২৪ মাৰ্চৰ অসম চুক্তিক উলংঘা কৰিছে ৷ অগপৰ দিনত সন্ত্ৰাসবাদ অধিক হৈছিল । অৰ্থনীতি বেয়া আছিল । উন্নয়ন বন্ধ হৈ আছিল । শান্তি উন্নয়নৰ প্ৰক্ৰিয়া কংগ্ৰেছৰ দিনত ঘূৰি আহিছিল । আমি ১০ টা বছৰে যি উন্নয়ন কৰিলো, তাৰ পাছত মোদী চৰকাৰৰ ৬ টা বছৰত অসমে কি পালে । মোদী চৰকাৰৰ দিনত কি পালে বুলি প্ৰশ্ন তৰুণ গগৈৰ ৷

গগৈয়ে লগতে কয়, দুটা কাগজ কল বন্ধ হ’ল, ব্ৰহ্মপুত্ৰ খনন নকৰিলে, যোৱা ৫ বছৰত ৩ লাখ কোটি টকা উত্তৰ পূৱলৈ দিয়া হ’ব বুলি ক’লে যিটো একেবাৰে মিছা কথা । তেওঁ পূৰ্বতে ২,৬৩,৫৯৬ কোটি টকা ধাৰ্য্য কৰিছিল, মুকিলি কৰি দিলে ২,৩০,৬৪৬ কোটি টকা । বাকী প্রায় ৩২ হাজাৰ কোটি টকা কমাই দিলে । ধার্য্য কৰা দেখুৱাই হে কিন্তু মুকলি কমকৈ কৰে ।

প্রধানমন্ত্ৰীয়ে বড়োলেণ্ডত ১০০০ কোটি টকা দিম বুলি আগতে ঘোষণা কৰিছিল, এতিয়া কিমান পালে ? ২০০৩ চনত হোৱা চুক্তিৰ পাছত মোদীৰ মতে বড়োলেণ্ডত শান্তি নাছিল, এই চুক্তি কৰাৰ পাছতহে বড়োলেণ্ডত শান্তি আহিছে বুলি বুজাব বিচাৰিছে বুলি তীব্ৰ কটাক্ষ কৰে গগৈয়ে ।

এই চুক্তিৰ ৮০% কাম আমাৰ দিনতে হৈছিল । এতিয়া কেৱল বিজেপিয়ে টিনপাত, লিপষ্টিকটোহে লগাইছে । যদি বেছি সংখ্যক লোকেই চুক্তিখন বিৰোধিতা কৰিলে বড়োলেণ্ডলৈ শান্তি আহিব নেকি ? মোদীয়ে ভাষণেৰে শান্তি আনিব পাৰিব নিকি ? ‘কা’ খন উঠাই দিলেহে অসমলৈ শান্তি আহিব, অসমত শান্তি নহ’লে বড়োলেণ্ডত কেনেকৈ শান্তি আহিব ? যি সময়ত হিন্দু মুছলমানৰ সংঘাত হৈছিল তেতিয়া জৱাহৰলাল নেহেৰুৱে নাগৰিকত্ব আইনৰ সমৰ্থন কৰিছিল । এতিয়া সেইটো পৰিৱেশ হোৱা নাই ।

ইপিনে হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি গগৈয়ে কয়, হাগ্ৰামা কোন দিনা কাৰ লগত যায় ঠিকনা নাই । হিমন্ত বিশ্ব শৰ্মাও একে । যেতিয়া লৈকে ক্ষমতা থাকিব তেতিয়ালৈকেহে তেওঁলোক লগত থাকিব ৷

দিল্লীৰ নিৰ্বাচনত কি হ’ব সেয়ে সময়ত হে দেখা যাব । কিন্তু মোদীৰ সভাত দিনক দিনে মানুহ কমিবলৈ ধৰিছে । যাৰ বাবে বিজিপিয়ে পশ্চিম বংগ, ভূটান, নেপালৰ পৰাও মানুহ আনিবলগীয়া হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details