গুৱাহাটী,29 জানুৱাৰীঃবুধবাৰে গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কৰা সহযোগৰ বাবে গ্ৰেপ্তাৰ হোৱা কামৰুল ইছলাম চৌধুৰী আৰু ধ্ৰুৱজ্যোতি গগৈক কাৰাগাৰত সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সাক্ষাতৰ পিছত গগৈয়ে দুয়োগৰাকী কংগ্ৰেছ নেতাই কা ৰ বিৰুদ্ধে শান্তিপূৰ্ণ আন্দোলনত অংশগ্ৰহণ কৰিছিল বুলি প্ৰকাশ কৰে ৷
বুধবাৰে কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত বুধবাৰে উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কৰা সহযোগৰ বাবে গ্ৰেপ্তাৰ হোৱা কামৰুল ইছলাম চৌধুৰী আৰু ধ্ৰুৱজ্যোতি গগৈক কাৰাগাৰত সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আনহাতে,বিজেপি দলে দমন নীতিৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক দমন কৰিবলৈ বিচৰা বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ "কংগ্ৰেছ কৰ্মীসকলক কাৰাগাৰত বন্ধ কৰি চৰকাৰে দমন নীতি চলাইছে । গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সকলো কংগ্ৰেছ কৰ্মীৰ লগত আমি সদায় আছো । কোনোধৰণৰ প্ৰমাণ নোহোৱাৰ পাছতো কংগ্ৰেছ কৰ্মীসকলক কাৰাগাৰত থোৱা হৈছে । এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ দলে মানৱ অধিকাৰ আয়োগৰ ওচৰত উপযুক্ত উত্তৰ বিচাৰিব বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য প্ৰকাশ কৰে ৷
লগতে চাওকঃঅসমীয়া যুৱকৰ বলুকাৰে নিৰ্মাণ বাগদেবী